পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
তত্ত্ব আৰু তথ্য।

আগৰ মানুহৰ আদিম অৱস্থা যেনে আছিল সেই অৱস্থা অন্যান্য জীৱৰ ক্ৰম বিবৰ্ত্তনৰপৰাহে ঘটিছিল।

 অভিব্যক্তিবাদীসকলে পৃথিবীৰ কাল পাঁচ যুগত বিভক্ত কৰিছে। সেই পাঁচ যুগত কি কি জীৱৰ কেনেকৈ ক্ৰমান্বয়ে বিবৰ্ত্তন ঘটি মানৱ অৱস্থা পাইছেহি, তাক তলত দেখুৱা হল।

যুগ। অধিবাসী জীৱ।
১৷ প্ৰস্তৰ যুগ বা আদি যুগ। মূৰ নোহোৱা জীৱ, মোনেৰা আমিবা প্ৰভৃতি জীৱ, চেনাচী, গানয়িতী প্ৰভৃতি মেৰুদণ্ডহীন জীৱ।
২। প্ৰথম যুগ। মাছ—পানীত থকা আৰু বোকাত থকা পানী আৰু বোকা উভয়ত থকা মাছ, মেৰুদণ্ডী আৰু অমেদণ্ডী জীৱ।
৩। দ্বিতীয় যুগ। সৰীসৃপ, দাঁত থকা নেজে সৈতে চৰাই, স্তন্যপায়ী কোৰবাহী জীৱ।
৪। তৃতীয় যুগ। স্তন্যপায়ী আৰু বৰ্ত্তমান কালৰ বাহিৰে মানুহৰ আন আন জীৱ।
৫। চতুৰ্থ যুগ। মানুহ।