পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অভিব্যক্তিবাদ।
 

 কিছুমান সমালােচকে কয় যে মানুহৰ বুদ্ধি আছে কিন্তু অন্যান্য জন্তুৰ নাই; অন্যান্য জন্তুৱে বুদ্ধি খটাই কাম কৰিব নােৱাৰে । তেওঁলােকৰ এই কথা সম্পূর্ণ সত্য নহয়। আমি জন্তুৰ মাজতো বুদ্ধিৰ কাম অনেক দেখোঁ। ছিম্পাঞ্জিয়ে বাদাম শিলেৰে ভাঙ্গি খায়। মার্কিন দেশৰ এটা বান্দৰে শিলেৰে বাকচ ভাঙিছিল। বনৰীয়া বান্দৰে গধুৰ বস্তু তুলিবলৈ লাঠিৰ সাহায্য লয় । এপ্‌ বেবুনে গছৰ ঠাল ভাঙি লৈ মানুহৰ দৰে যুজ কৰে। মানুহ যেনে অনুকৰণশীল বান্দৰো তেনে। সেই বুলি আমি ভাবিব নেলাগে যে কালিদাস আৰু চেক্স- পিয়াৰ, নিউটন আৰু গ্যালিলিও ছিম্পাঞ্জি বা বেবুনৰ শ্ৰেণীৰ। অভিব্যক্তিবাদে ইয়াক নকয়। অভিব্যক্তিবাদে কয় যে অন্যান্য জীৱৰ যেনেকৈ উৎপত্তি হৈছে মানুহৰো তেনেকৈ হৈছে। অভিব্যক্তিবাদৰ যুক্তি হৈছে যে তলৰ শ্ৰেণীৰ জীৱৰ সৰ্ব্ব প্ৰথমটোৰ লগত উচ্চ- শ্ৰেণীৰ জীৱৰ সৰ্ব্বাধমটোৰ লগত বিশেষ সাদৃশ্য আছে।

 ক্রমবিবৰ্ত্তন হৈ জীৱ যেই আহি মানৱ অৱস্থাত পৰিণত হয় তেতিয়া মানৱে আন আন গুণৰ চৰ্চ্চা কৰিবলৈ ধৰে। সেই চেষ্টা বাঢ়ি আহি মানৱ আদিয়ে উন্নত অৱস্থা পাইছেহি। কোটী কোটী, সহস্র সহস্র বছৰ