পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অভিব্যক্তি বাদ।


 

 অভিব্যক্তিবাদীসকলে জীৱ জাতিক এনেকৈ যুগে যুগে ভাগ কৰি আকৌ সেই ভাগৰ শ্ৰেণী বিভাগ কৰি ই যুগৰ জীৱৰ লগত সি যুগৰ জীৱৰ সাদৃশ্য ক্ৰমান্বয়ে দেখুৱাই অভিব্যক্তিবাদ যুক্তি সিদ্ধ কৰিছে। অভিব্যক্তিবাদীয়ে প্ৰথমেই মূৰ নোহোৱা অমেৰুদণ্ডী জীৱৰ সৃষ্টি কৰিছে, তাৰ মেৰুদণ্ডী জীৱ, তাৰপৰা মেৰুদণ্ডীৰ উচ্চ জীৱ স্তন্যপায়ী আৰু শেহত স্তন্য- পায়ীৰ উচ্চতম শ্ৰেণী মানুহ জাতিক সৃষ্টি কৰিছে। তেওঁলোকে জীৱক এনেকৈ ভাগ কৰি জীৱৰ ক্ৰমোন্নতি, ক্ৰমবিকাশ দেখুৱাই মানুহ জাতি যে ঈশ্বৰৰ স্বতন্ত্ৰ সৃষ্ট জীৱ নহয় তাক যুক্তিৰে প্ৰমাণ কৰিছে। তেওঁ- লোকৰ মতে বিবৰ্ত্তনৰ পৰা মানুহ জাতিৰ উৎপত্তি হৈছে।

 এতিয়া দেখা যাওক জীৱৰ ক্ৰমবিকাশ নিয়মা- ধীন হয় নে নহয়। আমি জীৱৰ ক্ৰমবিকাশত সচৰা- চৰ দুই নিয়ম দেখোঁ। এক নিয়ম হৈছে যে সন্তান সন্ততি বাপেক মাকৰ দোষগুণৰ উত্তৰাধিকাৰী হয়। আন এক নিয়ম হৈছে যে যি জীৱ যি অৱস্থাত জন্মে সেই অৱস্থানুযায়ী কেতবোৰ আকৃতি প্ৰকৃতি গঠিত হয়। বিবৰ্ত্তনত এই দুই নিয়ম প্ৰধান। বিবৰ্ত্তনত জীৱজাতি এই দুই নিয়মৰ অধীন।