পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
তত্ত্ব আৰু তথ্য।

ইয়াত ‘দিনৰ’ অৰ্থ ‘কল্প’ কৰিলা তেন্তে ‘স্যাবাথ’ দিনৰ অৰ্থ ‘স্যাবাথ’ কল্প কৰিবা নেকি? কিন্তু ‘স্যাবাথ’ দিনক ‘স্যাবাথ’ কল্প কৰিব নোৱাৰি। এতেকে সমালোচনাৰ ইয়াতে অন্ত পৰিল আৰু সেই গুণে প্ৰফেচাৰ হক্‌স্লিয়ে কলে “সৃষ্টিতত্ত্ব ব্যাখ্যাত প্ৰাকৃতিক বিজ্ঞানৰ সামঞ্জস্য নাই, আৰু ধৰ্ম্মৰ বিৰোধ বিজ্ঞানৰ লগত নহয় পৌত্তলিকতা আৰু দৰ্শনৰ অপব্যৱহাৰৰ লগতহে।”

 এনেকৈ ধৰ্ম্ম আৰু বিজ্ঞানৰ লগত নানা ওভটা-ওভটি কথা লৈ বিবাদ লাগে। এই বিবাদ একালত ইমান প্ৰবল হৈ উঠিছিল যে আন কি বৈজ্ঞানিকৰ প্ৰাণৰো সংশয় হৈছিল। কিন্তু এনে বিৰোধ ভাব এই পুণ্য ভাৰতত হোৱা নাছিল। আৰ্য্য ঋষিসকল এইবিলাকৰ কোনো বিষয়ত ইয়োৰোপতকৈ বিশেষ অভিজ্ঞ আছিল। ইয়োৰোপত এই ভাবৰ প্ৰাব্যলৰ গুণত সপ্তদশ শতাব্দীত গেলিলিওৱে যেতিয়া পৃথিবী ঘূৰেনে সূৰ্য্য ঘূৰে তথ্য বাহিৰ কৰিলে তেতিয়া তেওঁ ধৰ্ম্মভাবৰ কোপ দৃষ্টিত পৰি জীৱনৰ বাকী দহবছৰ কাৰাগাৰত কটাব লগাত পৰিছিল। আৰু এনেদৰেই ১৬০০ খৃষ্টাব্দত মহাত্মা ব্ৰূনক ৰোম নগৰত দগ্ধ কৰি বিনাশ কৰা হৈছিল। কিন্তু এই বিজ্ঞানবিৎ গুৰুসকলৰ প্ৰকৃত সত্য যেতিয়া ইয়োৰোপে বুজিলে তেতিয়া দেখিলে বিজ্ঞান অৰু ধৰ্ম্মৰ মাজত কোনো বিবাদ বা বিৰোধ ভাব নাই। উভয়েই এক সত্যৰ নিমিত্তে ধাবমান। সত্য