পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ধৰ্ম্ম আৰু বিজ্ঞান

সকলোৰে সমানে আদৰণীয়। বিজ্ঞানে প্ৰত্যক্ষ আৰু অনুমানৰ দ্বাৰা, যুক্তি আৰু তৰ্কৰ দ্বাৰা সত্য বিচাৰে। ধৰ্ম্মই কাল্পনিক ধাৰণাৰ সমাবেশ কৰি বৈজ্ঞানিক যুক্তিৰ লগত অসন্মতি ভাব আনি দিয়ে। ধৰ্ম্মই শাস্ত্ৰৰ উপদেশ “কাৰণাৰ্দ্ধম্মন্বিচ্ছেন ন লোকচৰিতং চৰেৎ” ইয়ালৈ বিশেষ কাণ নিদিয়ে। কিন্তু বিজ্ঞানে আখৰে আখৰে পদে পদে ইয়াৰ সত্য অনুসৰণ কৰে। সেইবাবে সূক্ষ্ম বিচাৰ কৰি চালে দেখা যায় যে বিজ্ঞান আৰু ধৰ্ম্ম সদায় বিৰোধভাব শূন্য। বিজ্ঞান আৰু ধৰ্ম্মৰ সত্য এক। হাৰৰ্বাট স্পেন্সাৰৰ ভাষাত কবলৈ গলে ধৰ্ম্ম আৰু বিজ্ঞানৰ মূল সত্য এক, সেই সত্যত ধৰ্ম্ম আৰু বিজ্ঞান মিলি যায়; পৰস্পৰ বিৰোধী বুলি বিদিত হলেও সিহঁতৰ মাজত এটা সামঞ্জস্য আছে আৰু সেই সামঞ্জস্য অলপ কষ্ট কৰিলেই দেখিবলৈ পোৱা যায়।”