পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ধৰ্ম্ম আৰু বিজ্ঞান।

বিজ্ঞানেও ঢুকি নাপায় আৰু ধৰ্ম্ময়ো ঢুকি নাপায় সেই সত্য বিচাৰৰ সকাম কি? ইফালে যদি আমি বিজ্ঞান অনুসৰণ কৰোঁ তেন্তে নৈসৰ্গিক ঘটনাবলীৰ ব্যাখ্যা আদিত আমি যুক্তিপূৰ্ণ হম আৰু এদিনতে বিশ্ব ৰচনা হোৱা ইত্যাদি সঙ্কীৰ্ণ ভাবৰো পৰিচয় দিব নলগা হব। এই মতাবলম্বীসকলক সমালোচকে সোধে যে ধৰ্ম্ম এৰি যদি বিজ্ঞান লোৱা তেন্তে নীতি কৰপৰা শিকিবা বা নীতিমান কেনেকৈ হবা? ইয়াৰ উত্তৰত এওঁলোকে কয় যে সমাজত নানা নিয়ম-প্ৰনালী গঠিত কৰি মানুহক নীতি শিকাব পাৰি বা, নীতিমান কৰিব পাৰি কিন্তু নৈসৰ্গিক ঘটনাৰ ব্যাখ্যা বিজ্ঞানৰ বাহিৰে ধৰ্ম্মৰ দ্বাৰা কদাপি হব নোৱাৰে।

 এই গ’ল প্ৰথম প্ৰবৃত্তিৰ যুক্তি। দ্বিতীয় প্ৰবৃত্তিয়ে কয় যে ধৰ্ম্ম বৈজ্ঞানিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্ম্মৰ কথাবোৰো বৈজ্ঞানিক যুক্তিসিদ্ধ। এওঁলোকে শাস্ত্ৰানুমোদিত কথাবোৰ বিজ্ঞানুমোদিত কৰিবলৈ ধৰ্ম্মশাস্ত্ৰৰ শব্দৰ অৰ্থৰ বিস্তৃতি ঘটায়। যেনে বাইবেলে কলে বোলে এই বিশ্ব ছয় দিনত সৃষ্টি হৈছিল। বিজ্ঞানে কলে বোলে ইয়াৰ সৃষ্টি বহুদিনৰ ক্ৰমবিকাশৰপৰা। এতিয়া ভয়ানক বিপদ। কি উপায়? উপায় আছে। 'দিন, শব্দটোক যদি ‘কল্প’ অৰ্থত ব্যৱহাৰ কৰিব পৰা যায় তেন্তে কাৰ্য্যসিদ্ধি হয়। ঠিক তেনে দৰেই ব্যাখ্যা কৰা হল। এতিয়া সমালোচকে সুধিলে যদি