পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ধৰ্ম্ম আৰু বিজ্ঞান।


 এটা বিশ্বাস আছে যে ধৰ্ম্ম আৰু বিজ্ঞান দুটা সম্পূৰ্ণ বেলেগ বস্তু। ধৰ্ম্মৰ উপস্থিতত বিজ্ঞান অনুপস্থিত আৰু বিজ্ঞানৰ উপস্থিতত ধৰ্ম্ম অনুপস্থিত। এই ভাব থকাৰ বাবেই ধৰ্ম্ম আৰু বিজ্ঞানৰ মাজত ঘোৰ বিবাদ থকা যেন দেখা যায়। দৰাচলতে চাবলৈ গলে ধৰ্ম্ম আৰু বিজ্ঞান দুটা সুকীয়া বস্তু যেন লাগে। কিয়নো সাধাৰণৰ বিশ্বাস যে বিহু-সংক্ৰান্তিত দান-দক্ষিণাদি দিয়া, পূজা-সেৱা ইত্যাদি কৰাই ধৰ্ম্ম। ‘অহিংসা সত্যমস্তেয়ং শৌচমিন্দ্ৰিয়নিগ্ৰহঃ’ অথবা ডক্তৰ মাৰ্টিনিওৰ মতে ‘সদাই পৰমেশ্বৰত বিশ্বাস’ ধৰ্ম্ম নহয়। আৰু এই সাধাৰণ ধৰ্ম্ম-বিশ্বাস মানুহৰ মনত ইমান ডাঠকৈ শিপাইছে যে যেতিয়া কোনো যুক্তি-যুক্তৰ ভাব আনি উপস্থিত কৰা হয় তেতিয়া তেওঁলোকে ইয়াক দূৰতে বিদূৰ কৰে। জন্‌ফিচ্‌কেও এই বুলি কৈছে যে ধৰ্ম্ম আৰু বিজ্ঞানৰ বিৰোধৰ প্ৰধান কাৰণ, যে ধৰ্ম্মই শিক্ষা দি আহিছিল, যে একো নাছিল হঠাৎ সৃষ্টি হৈ পৰিল। কিন্তু বিজ্ঞানে এনেবোৰ কথা স্বীকাৰ নকৰে। প্ৰকৃততে চাবলৈ গলে ঠিক এনেবোৰ ভাবৰ পৰাহে ধৰ্ম্ম আৰু বিজ্ঞানৰ মাজত বিবাদ। যেনে বিজ্ঞানে কলে বোলে পৃথিবী সূৰ্য্যৰ চাৰিওপিনে ঘূৰে আৰু সূৰ্য্য পৃথিবীতকৈ বহুত