পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তত্ত্ব তাৰু তথ্য।

দূৰত; কিন্তু ধৰ্ম্মই আহি ভেঁটা দিলে বোলে নহয় সূৰ্য্য ওচৰত৷ বিজ্ঞানে কলে সমুদ্ৰ মাথোঁ এখন, ধৰ্ম্মই আহি মাজতে ভেঁটা দিলে বোলে নহয় ‘সমুদ্ৰ সাতখন’ কিয়নো শাস্ত্ৰত আছে “লবণেক্ষুৰাসৰ্পিদবিদুগ্ধজলান্তকাঃ।” বিজ্ঞানে কলে পৃথিবী শূন্যত আছে, সূৰ্য্যৰ আকৰ্ষণৰ গুণে কক্ষচ্যুত হব পৰা নাই; ধৰ্ম্মই আহি ভেঁটা দিলে বোলে নহয় পৃথিবীখন সাপৰ ওপৰত, পানীৰ ওপৰত। বিজ্ঞানে কলে পৃথিবীৰ ছাঁ সূৰ্য্যৰ ওপৰত পৰি সূৰ্য্যগ্ৰহণ হয়। ধৰ্ম্মই আহি ভেঁটা দিলে বোলে নহয় ৰাহু নামৰ দৈত্যই সূৰ্য্যক গ্ৰাস কৰিবলৈ গলে সূৰ্য্যগ্ৰহণ হয়। ধৰ্ম্মই কলে পৃথিবীখন ৪০০৪ পূৰ্ব্ব খৃষ্টাব্দৰ ২৩ অক্টোবৰ দেওবাৰৰ দিনা সৃষ্টি হল। বিজ্ঞানে আহি কলে বোলে নহয় ক্ৰমবিকাশৰ পৰাহে পৃথিবীৰ সৃষ্টি। পিথাগোৰাচে কলে বোলে সূৰ্য্য ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। ধৰ্ম্ম-বিশ্বাসে আহি কলে বোলে কিয় হব? আকৌ ধৰ্ম্মই কলে যে “পৃথিবীৰ আৰু সাত পাতালৰ তলত পানী আছে আৰু পানীৰ ওপৰত এটা প্ৰকাণ্ড কাচ, কাচৰ ওপৰত অনন্ত সৰ্প আছে; সেই অনন্ত সৰ্পৰ আঠখন ফণা আঠ দিশলৈ গৈছে; প্ৰত্যেকখন ফণাতে একোটা দিগ্‌গজ বা হাতী, প্ৰত্যেকটো হাতীৰ ওপৰত একোটা পৰ্ব্বত আছে আৰু সেই আঠ দিশৰ আঠোটা পৰ্ব্বতৰ ওপৰত সসাগৰা মহীখন আলাসতে চাংখনৰ দৰে ৰৈ আছে। যি ফালৰ দিগ্‌গজে গা লৰায় সেই