পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তত্ত্ব আৰু তথ্য।

কাৰণ ঠাৱৰাব নোৱাৰিলেই প্ৰকৃতিব আগত দীঘল দি পৰে আৰু পূজা সেৱা কৰে; হিলৈ ফুটোতে শব্দ হলে হিলৈৰ তত্ত্ব বুজিব নোৱাৰি অসভ্যই হিলৈক পূজা কৰে; চোৰাতে ডাকিলে প্ৰকৃতিৰ কিবা শক্তি বুলি চোৰাতক পূজা কৰে; মেঘৰ গৰ্জ্জন ইন্দ্ৰৰ কোপৰ চিন, বিজুলী ৰাক্ষসীৰ জিভা ইত্যাদি বুলি পূজা কৰে। কিন্তু সভ্যই মেঘৰপৰা, বিজুলীৰ পৰা তত্ত্ব বাহিৰ কৰে; আৰু সেই তত্ত্বৰ বলেৰে সভ্য জগতক চমকিত কৰে। ইত্যাদি ৰকমে সভ্য আৰু অসভ্য প্ৰকৃতিৰ পূজাৰ প্ৰভেদ বৰ বেচি।

 প্ৰকৃতি অসীম অনন্ত শক্তিৰ কেৱে নিৰাকৰণ কৰিব নোৱাৰে। সভ্যজগতত যতই উন্নতি নহওক কিয়, সভ্যতা প্ৰচাৰ যিমানেই নহওক কিয় অখণ্ডনীয় প্ৰকৃতি কেতিয়াও খণ্ডন নহয়; সমস্যাপূৰ্ণ প্ৰকৃতি কেতিয়াও সমস্যাবিহীন নহয়। কোনে কব পাৰে, কাৰ সাধ্য আছে প্ৰতি গছৰ ঠাল কিমান ঠালে প্ৰতি পাত কিমান? কোনে কব পাৰে প্ৰকৃতিত কতনো ব্যাপাৰ ঘটিছিল, কতনো ঘটিছে আৰু আগলৈ কিমান ঘটিব? এই প্ৰকৃতিৰ শিক্ষাৰাজ্যৰ আদি নাই অন্ত নাই, আগ নাই শেহ নাই। যেয়ে যেনিয়ে শিক্ষা লভিব খোজে সেয়ে তেনিয়ে শিক্ষা পাব পাৰে। এই পুণ্য ভাৰতৰ সেই প্ৰাতঃস্মৰণীয় ঋষি মুনিসকল, সেই পুণ্যাত্মা মহাত্মা, ধৰ্ম্মাত্মাসকল প্ৰকৃতিব সুযোগ্য শিষ্য আছিল। এনে বিশাল প্ৰকৃতি সততে শিক্ষাৰ ৰাজ্য।