জখম
চাৰি আলিত ধোঁৱাই থকা এটা পুৱা
টায়াৰ-তামোল-কাকত পোৰাৰ উম
বিড়ি গোন্ধাই কফুৱা মাতে ভতুৱা খেদায়
ৰ’দলৈ বাট চাই আৰম্ভ হয় বহু দিনৰ মাজৰ এদিন
শ্ৰমহীন মধুমেহৰ ভৰিবোৰ পাৰ হৈ যায়
দেউতাক ধন্যবাদ দি ময়ো পাৰ হওঁ
কেতিয়াবা চাকৰিটো সোলোকাই চাওঁ—
খোৰাকীৰ উৎকণ্ঠাৰে বৈ থকা মুখবোৰৰ মাজত
দেখা পাওঁ নিজৰেই মুখ, ভয় খাওঁ অনাহাৰৰ চুবুৰীৰ পৰা
দেউতাই যাত্ৰা কৰা খোজবোৰ ভাবি
কিমান দেখিছোঁ ছিটিকাত পৰা চৰাইৰ চাৱনি
ফানতিহীন ভৰিত কঁৰাল মৰা জীৱনৰ দুখ
উৰুখা চালৰ সুৰংগৰ দৰে মৰহা মুখ
মৰম আৰু যাতনাই কঠিন কৰা আঙুলিৰে
শিলত কবিতা লেখা সিহঁত জীবন-পৰ্যটক
শেঙুননকা পোনাটো নিচুকাই পিয়াহ আঁজুৰি বাই
খৰাং বুক, ধূলিয়ৰি ওঁঠ, যাতনাৰ কোলা
জাপ খোলা দোকানলৈ আঙুলি টোঁৱাই
লাহে লাহে সৰু হৈ আহে এটা বিফল ৰাউচি
সিহঁতৰ চকু থাকে তোমাৰ চকুত – কিবা এটা কামৰ সন্ধান
নিৰ্মীয়মান স্বাচ্ছন্দ্যৰ সৌধ, চৌহদৰ দ-বাম
মলিয়ন মজিয়া এখন, এবোজা কাপোৰ ..............
লাহে লাহে ভাঁহি আহি খবৰটো ধম্কী হয়
বন্ধ..............বন্ধ..............বন্ধ..............