এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাজানিলোঁ জাৰৰ দিনত উদং দেহেৰে
পিতায়ে যোগাব পাৰে কেনেকৈ ইমান উত্তাপ
কিয় আইৰ হাঁহিলে কাজিলা সনা দাঁত
খৰিকা-দেহাত কেনেকৈ সহে পাঁচথৰীয়া ডাঙৰীৰ ভৰ
তেওঁলোকৰ চকুত নেদেখিলোঁ কোনো দিন
শৈশৱক বান্ধি-ছাটি সাজু কৰি তোলা ধন ঘটা যন্ত্ৰৰ সপোন
জানিছিলোঁ মাথো ৰ’দে-বৰষুণে চকুৰ ভাষাঃ
বহুত কিবা নাই, কুশলে থাক, বোপাই
আৰু তেওঁলোকে পথত পাতি থৈছিল নিচুকনি হাত
কাতিৰ ৰাতি কলমলনিত খৰমৰাই থাকোঁতে
ভোক-জাৰ ভোক-জ্বৰত কঁপনি ধৰোঁতে
বাঁহৰ মুঢ়াৰে সেকি হাত আৰু পেট
তেওঁলোকে কৈছিল –
দেহ কঁপিলেই শেষ
গছ বগাওঁতে তললৈ নাচাবি
পিছে ফলত হাত দি নিজে খাবি তললৈকো দিবি .............
আজি গাঁও এৰি পকী অৰণ্যত
নাগৰিক উত্তাপৰ নোদোকা শৰীৰ
হাতে দৈ মুখে দৈ
তেওঁ বোলে দৈ দৈ
লক্ষাধিক দুখৰ মুখৰ সৈতে প্ৰতিদিন মুখা-মুখি হৈ
কৰা নাই একো,
কবিতা লিখিছোঁ
কবি হোৱাৰ অভিজাত বাসনা কৰিছোঁ ............
৪৪