মানুহবোৰক খবৰে হুৰায়
যেন ডলাঘটাত উৰি যোৱা বাও ধাননিৰ কাম চৰাই,
শূন্য চাৰি আলিত ভতুৱাৰ ৰাউচি
আসন্ন লঘোণৰ নিষ্ফল বিননি
বন্ধৰ অলস-আমেজত বহুতে যেতিয়া চকু জপায়
উদং হাতবোৰে অনাই-বনাই আপোন পাহৰাৰ বাট বিচাৰি যায়
পাৰি জানো পাহৰিব ভোক-জ্বৰৰ ল’ৰাটো
ছোৱালীজনীৰ ফটা ফ্ৰকটো
লঠঙা ডালত কদোবাহৰ দৰে মানুহজনীৰ পেটটো
চাউলৰ শূন্য টিনটো ..............
বেলি বুৰে, পূৰ হয় বন্ধৰ আমেজ-ঘুমটি
হেল’জেন পোহৰৰ পদ্যৰে জাকি মাৰি উঠে নগৰৰ হাট
বাকীৰ বাঢ়ি অহা অংকটোৰ পৰা পলাই পলাই
অনিবাৰ্য বাকীলৈ আগ বাঢ়ে হাত
ৰ’দে ফলা নাও যেন ওঁঠত সৰকি নাহে মাত
হাতত সৰি পৰে গালিৰ বৰষুণ এজাক
চৌম্বিক আকৰ্ষণে নিজৰ পৰা পলায়নৰ বাটটো
চমু কৰি আনে
লঘোণৰ ওকালিৰে গোন্ধায় পদূলি
কিমান তৃপ্তি, দুটুকুৰা মলঙা পাউৰুটী!
ৰাতিবোৰ দীঘল হৈ আহে
দোকানৰ বাকীৰ বহীত উঠা অংকটোৰ দৰে
ক্ষোভৰ উশাহৰোৰ ঘন হৈ আহে ..............
আন্ধাৰবোৰ চাই উজাগৰ আত্মাই নিশব্দে চিঞৰে –
বন্ধবোৰ বন্ধ হওক ..............
পৃষ্ঠা:ঢৌ.pdf/৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬