পৃষ্ঠা:ঢৌ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাঁৱৰ গজালি

অন্য বহুত থকাৰ মাজত
বহুতৰে পঢ়িবলৈ নাথাকে টেবুল

চঁছালিত মদৰুৱা খবৰ কাকত পাৰি
এঙেৰুৱা সভা চাকিৰে গধূলি
পাঠেকনী আইতাৰ সুৰতে আওৰালোঁ ধাৰাপাত

লঘোণ অথবা লোণ - তেল সিদ্ধ ভাত
তথাপি ওঁঠত ওলায় কেতেকীক সিয়াঁৰি দিয়া মাত

পিতাইৰ সৈতে ভগাই পিন্ধো হলৌ চোলা আঙুলি ঢকা
কল্‌ডিল আৰু চিয়াঁহীৰ আউল নলগা চেকা
সাপ্তাহিক বজাৰৰ বাৰত পাঠশালা খতি

এটা সপোন চোঁচোৰাই পিতাইৰ সৈতে পথাৰ
মৈ-লাড়ু খাওঁ মঘাই ফুটে ভৰি
খোৰাই খোৰাই পাঠশালা
চকুৰ পতাত ওলমি থাকে হেড-পণ্ডিতৰ বেত

মহাশয়ে বাব দিয়ে চাফাই মন্ত্ৰী
কামিজত লানি পতা শেঙুনৰ ধাৰ

আমতল পনিয়ল শেলুক চেঁচোৰ বকুল বগৰী
জীৱনৰ লেচেৰি গৰু-পলীয়া দিনৰ ভাগৰ
চুৰটৰ জুয়ে পোৰা কুমলীয়া ওঁঠ
অগা-ডেৱা ভৰি
গোঁফৰ বাসনাত নাঙলৰ মাটি
তল সোঁত-ওপৰ সোঁত জীৱন দুধাৰ

৪৩