পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফোনেণ্ডোস্কোপ ব্যৱহাৰ নকৰে।’

 যিয়ে নহওক, হাস্পতালৰ সঞ্চালকগৰাকীয়ে তেওঁৰ সৈতে কথা-বতৰা পতাৰ পাছত সন্দেহ কৰিবলৈ একো বিচাৰি নাপালে। জটিল চিকিৎসাশাস্ত্ৰৰ ভাষাৰে ঔষধ আৰু মনস্তত্ত্বক লৈ সাৰগৰ্ভ ভাষণ দিয়াৰ পাছত চিকিৎসকজনক বিনাদ্বিধাই অনুমতি দিয়া হ'ল।

 নাজানো, ৰক্ষীজনে মোক হয়তো সতৰ্ক কৰি দিব খুজিছিল। যেতিয়া ডেকা চিকিৎসকজন আহি মোৰ কোঠাটোত প্ৰৱেশ কৰিলে, দেখি তেওঁক সঁচাকৈয়ে চিকিৎসক যেন লগা নাছিল। কিন্তু তেওঁক সেইবুলি মোৰ সাংবাদিক বুলিও বিশ্বাস হোৱা নাছিল। যদিও মই তেতিয়ালৈ কেতিয়াও সাংবাদিকৰ সৈতে মুখামুখি হোৱা নাছিলোঁ। মোৰ এনে লাগিছিল— চিকিৎসকৰ বেশত আচলতে তেওঁ চাগে’ এজন পুৰোহিতহে। তেওঁ কেনেদৰে আৰম্ভ কৰিব উৱাদিহ পোৱা নাছিল। প্ৰকৃততে তেওঁ চেষ্টা কৰিছিল, কিদৰে ৰখীয়াজনক আঁতৰাই পঠোৱা যায়।

 ‘মোক এখন কাগজ আনি দিবনে?’ তেওঁ ৰখীয়াজনক অনুৰোধৰ সুৰত ক'লে।

 চিকিৎসকজনে হয়তো আশা কৰিছিল যে কাগজ আনিবলৈ ৰখীয়াজন অফিচলৈ গুচি যাব। কিন্তু ৰক্ষীসকলক নিৰ্দেশ দিয়া আছিল, মোক যাতে কেতিয়াও অকলশৰীয়াকৈ এৰি থৈ নাযায় ৷ ৰখীয়াজনে কাগজ বিচাৰি নগৈ কৰিড’ৰলৈ ওলাই গ'ল। তাৰ পৰা সি চিৎকাৰ কৰি কোনোবা এজনক নিৰ্দেশ দিলে— 'লিখিবলৈ কাগজ এখন আনাচোন সোনকালে।’

 কিছু সময়ৰ ভিতৰত কাগজ আহি পালে। প্ৰায় পাঁচ মিনিট ধৰি মই বহি আছোঁ চিকিৎসকজনৰ সমুখত। মোক এটা প্ৰশ্নও কৰা নাই। কাগজ আহি নোপোৱাপৰ্যন্ত স্বাস্থ্য পৰীক্ষাৰ কাম তেওঁ আৰম্ভ কৰিব খোজা নাই। তেওঁ কাগজখন মোৰ পিনে আগুৱাই দি এটা ছবি আঁকিবলৈ ক'লে। মই আঁকিলোঁ। তাতে মোক চহী এটাও কৰিবলৈ অনুৰোধ কৰিলে। চহীও কৰিলোঁ মই। তাৰ পাছত তেওঁ এটা ফাৰ্ম হাউছ আঁকিবলৈ ক’লে। সাধ্য অনুসাৰে তাকো আঁকিলোঁ। কাষতে এজোপা কলগছো আঁকিলোঁ। তেওঁ এইখন ছবিতো চহী কৰিবলৈ ক'লে— তেতিয়াহে মই নিশ্চিত হ'লোঁ যে তেওঁ এজন ছদ্মৱেশী সাংবাদিকহে। কিন্তু তেওঁ বাৰে বাৰে নিজকে চিকিৎসক বুলি দাবী কৰি গ'ল।

 অঁকা হোৱাৰ পাছত তেওঁ মোৰ ছবিসমূহ মন দি পৰীক্ষা কৰিলে। বিৰবিৰকৈ কি জানো ক’লে তেওঁ! তাৰ পাছত সাগৰত কি ঘটিছিল জানিবলৈ বিচাৰিলে।

 তেতিয়াই বাধা প্ৰদান কৰিলে ৰক্ষীজনে। সোঁৱৰাই দিলে যে এনেধৰণৰ প্ৰশ্ন কৰাৰ কোনো অনুমতি নাই। বাধা পাই এইবাৰ তেওঁ মোৰ শৰীৰ পৰীক্ষা কৰাত

৯২