পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনো বিশেষ ব্যক্তিত পৰিণত হোৱাটোও মানুহৰ জীৱনৰ ডাঙৰ বিড়ম্বনা। দিন হওক, ৰাতি হওক বা যি পৰিস্থিতিয়েই নহওক কিয়, মানুহে বিচাৰে, মই যেন কেৱল নিজৰ কথাকে কৈ যাওঁ। কাৰটাজেনাৰ হাস্পতাললৈ আহি এই কথাটো মৰ্মে মৰ্মে অনুভৱ কৰিলোঁ। সেইবাবেই হাস্পতালৰ তৰফৰ পৰা মোক এজন ৰখীয়া দিয়া হৈছিল— যাতে কোনেও আমনি কৰিব নোৱাৰে। তিনি দিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ। কিন্তু হাস্পতালৰ পৰা বিদায় মাগিব নোৱাৰিলোঁ। ৰখীয়াই ক'লে— গোটেই দেশৰ অজস্ৰ সাংবাদিক আহি মোৰ বাবে অপেক্ষা কৰিছে। মোৰ ফটো আৰু সাক্ষাৎকাৰ লাগে তেওঁলোকক। এওঁলোকৰ মাজৰে এজন প্ৰায় কুৰি চেণ্টিমিটাৰ দীঘল গোঁফৰ সাংবাদিকে মোৰ পঞ্চাছৰো অধিক ফটো তুলিলে। কিন্তু মোক প্ৰশ্ন কৰাৰ কোনো অনুমতি তেওঁলোকক দিয়া নহ'ল।

 ইয়াৰ মাজতে এজন দুঃসাহসী সাংবাদিকে চিকিৎসকৰ ছদ্মৱেশ ধাৰণ কৰি ৰখীয়াসকলক আভুৱা-ভাঁৰি হাস্পতালৰ মোৰ কক্ষত আহি প্ৰৱেশ কৰিছিল। তেওঁ একপ্ৰকাৰ অসম্ভৱ সাধনেই কৰিছিল। কিন্তু তেওঁৰ সেই চেষ্টা দীৰ্ঘস্থায়ী নাছিল।

 এটা বাতৰিৰ গল্প

 নৌ-হাস্পতালৰ মোৰ কক্ষত প্ৰৱেশৰ অনুমতি পাইছিল কেৱল ৰক্ষী, চিকিৎসক, নাৰ্ছ আৰু মোৰ দেউতাই। এদিন আগেয়ে কেতিয়াও নেদেখা চিকিৎসক এজন আহিল। ডেকা চিকিৎসক। চকুত চছ্‌মা, পিন্ধনত দীঘল এটা চোলা আৰু ডিঙিত ওলমি আছে এডাল ফোনেণ্ডোস্কোপ। কিন্তু একো নোকোৱাকৈয়ে তেওঁ গুচি গ'ল।

 ৰক্ষীবোৰৰ মুৰব্বী বিষয়াগৰাকীয়ে হঠাৎ এই নতুন চিকিৎসকজন দেখি বিভ্ৰান্ত হ’ল। তেওঁৰ পৰিচয় জানিব খুজিলে। ডেকা চিকিৎসকজনে জেপ খুঁচৰিবলৈ ধৰিলে। তাৰ পাছত ইতস্তত কণ্ঠৰে তেওঁ ক'লে যে কাগজ-পত্ৰ লগত আনিবলৈ পাহৰি গৈছে। তেতিয়া বিষয়াই স্পষ্টকৈ তেওঁক জনাই দিলে যে হাস্পতালৰ সঞ্চালকৰ বিশেষ অনুমতি অবিহনে মোৰ সৈতে কথা পাতিব পাতিব নোৱাৰিব। তেওঁলোক সঞ্চালকৰ সন্ধানত ওলাই গ'ল, কিন্তু কুৰি মিনিটমান পাছতে আটায়ে উভতি আহিল।

 ৰক্ষী এজনে আহি মোক ক'লে যে এই নতুন চিকিৎসকজনক মোৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অনুমতি দিয়া হৈছে। তেওঁ বোগোটাৰ এজন মনোৰোগবিদ, যদিও ৰক্ষীসকলে তেওঁক এজন ছদ্মৱেশী সাংবাদিক বুলি সন্দেহ কৰিছিল।

 ‘আপুনি কিয় ভাবি লৈছে যে তেওঁ ছদ্মৱেশী সাংবাদিক?’ — ৰক্ষীজনক মই প্ৰশ্ন কৰিলোঁ।

 ‘কাৰণ তেওঁ বৰ ভয় খাইছে আৰু এটা কথা, মানসিক চিকিৎসকসকলে কেতিয়াও

৯১