পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাগিল, ঠিক সকলো চিকিৎসকে কৰাৰ দৰেই। তেওঁৰ হাত দুখন বৰফৰ দৰে শীতল। ৰখীয়াবোৰে যদি তেওঁৰ স্পৰ্শ পালেহেঁতেন, সেই মুহূৰ্ততে তেওঁক নিশ্চয় কোঠাৰ পৰা উলিয়াই দিলেহেঁতেন। কিন্তু মই একো নামাতিলোঁ। কিয়নো তেওঁ যে এজন সাংবাদিক আৰু এনেদৰে মৰসাহ কৰি খবৰ গোটাবলৈ আহি যে কিছু বিব্ৰতবোধ কৰিছে, তাকে দেখি তেওঁলৈ মোৰ সহানুভূতি জাগিল। পোন্ধৰ মিনিটৰ ভিতৰতে মই অঁকা ছবিবোৰ সামৰি কোঠাটোৰ পৰা তেওঁ পোন বাটে ওলাই গুচি গ'ল।

 পিছদিনা আকাশ ভাগি পৰিল। এল টিমপো কাকতৰ প্ৰথম পৃষ্ঠাত ছবিবোৰ ছপা হৈ ওলাল। শিৰোনাম এটা দিয়া হৈছে— ‘ইয়াতেই মই পানীত পৰি গৈছিলোঁ।’ কাঁড়চিহ্নৰে জাহাজৰ ব্ৰীজ এখনৰ পিনে ইংগিত কৰা হৈছিল। কিন্তু এয়া শুদ্ধ নহয়, কিয়নো মই আছিলোঁ ষ্টাৰ্নৰ পিনে, ব্ৰীজৰ পিনে নহয়। তথাপি যিয়েই নহওক, সেই ছবিবোৰ কিন্তু ময়ে অঁকা।

 পাছত কোনোবাই মোক ভুলৰ সেই সংশোধন বিচাৰিবলৈ পৰামৰ্শ দিছিল। হয়তো সেই দাবী মই তুলিব পাৰিলোহেঁতেন। কিন্তু এয়া ঠিক নহ’ব যেন লাগিল। সাংবাদিকগৰাকীৰ প্ৰতি মোৰ অৱশ্যেই শ্ৰদ্ধাৰ ভাব জাগিছিল। সামৰিক বাহিনীৰ এখন হাস্পতালত সকলোকে আভুৱা-ভাঁৰি চিকিৎসকৰ ছদ্মৱেশত এনেদৰে প্ৰৱেশ কৰাটো মুঠেও মামুলি কথা নাছিল। তেওঁ যদি এবাৰ মোক সাংবাদিক বুলি পৰিচয় দিলেহেঁতেন, মই অৱশ্যেই কৌশলেৰে ৰখীয়াজনক আঁতৰাই পঠালোহেঁতেন। কিয়নো মোৰ কাহিনী আনক ক’বৰ বাবে যাৱতীয় অনুমতিও মই সিদিনাই লাভ কৰিছিলোঁ।

 গল্পৰ মূল্য

 ছদ্মৱেশী সাংবাদিকজনৰ দুঃসাহসিক প্ৰচেষ্টা দেখি স্পষ্ট ধাৰণা হ’ল যে মোৰ কাহিনী সন্দৰ্ভত বাতৰি কাকতসমূহ উৎসুক হৈ পৰিছে। উৎসুক প্ৰত্যেকেই। বন্ধুসকলেও মোক বাৰে বাৰে এই একেটা কাহিনীকে ক’বলৈ অনুৰোধ জনাইছে। সুস্থ হৈ বোগোটালৈ ওভতাৰ পাছত বুজিলোঁ, মোৰ জীৱন সলনি হৈ গৈছে। বিমানবন্দৰত বিৰাট আয়োজনেৰে মোক অভিনন্দন জনোৱা হ’ল। বীৰ আখ্যা দি দেশৰ ৰাষ্ট্ৰপতিয়েও মোক অভিনন্দন জনালে। সিদিনা অৱশ্যে মই বুজিলোঁ, নৌ বাহিনীত মোৰ চাকৰিটো সুৰক্ষিত হৈ আছে। যদিও মই পাছত পদোন্নতি পাই যোগ দিলোঁ কেডেটৰ মৰ্যাদাৰে।

 ইয়াৰ পাছত যিবোৰ ঘটিল, সেয়া আগতে কল্পনাও কৰিব পৰা নাছিলোঁ। বিজ্ঞাপন আৰু বিভিন্ন প্ৰচাৰ সংস্থাবোৰৰ পৰা নানান লোভনীয় প্ৰস্তাৱ আহিবলৈ ধৰিলে। মোৰ ঘড়ীটোৰ প্ৰতি মই সঁচাই চিৰকৃতজ্ঞ। সমুদ্ৰত কটোৱা দিনবোৰত নিৰ্ভুল সময় দেখুৱাইছে। কিন্তু ভবা নাছিলোঁ, ইয়ে এতিয়া ঘড়ী কোম্পানীটোৰ বাবে কিবা আগ্ৰহৰ বস্তু হ’ব

৯৩