পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিতাপ আকাৰত প্ৰকাশ পালে। পিছে এইক্ষেত্ৰত মাৰ্কে'জ বৰ বিশেষ উৎসাহী নাছিল। আনকি কিতাপখনত লেখক হিচাপে নিজৰ নামটোও দিবলৈ ইচ্ছা কৰা নাছিল। ১৯৮২ চনত নোবেল বঁটা লাভ কৰাৰ পাছত তেওঁৰ প্ৰায় সকলো ৰচনাই অতি সোনকালে ইংৰাজীলৈ ভাঙনি হ’ল, কিন্তু আটাইতকৈ পলমকৈ যিখন হ’ল, সেইখনেই লুই আলজেন্দ্ৰোৰ কাহিনীটো— যাৰ স্পেনিছ নাম Relato de naufrago | ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্‌ড ছেইলৰ' নামেৰে ৰেল্ডল’ফ হোগান অনূদিত এই গ্ৰন্থখন প্ৰকাশ পালে ১৯৯৬ চনত।

 সাধাৰণতে মাৰ্কে’জৰ সাহিত্য বুলিলে আমি তেওঁৰ গল্প-উপন্যাসকে প্ৰত্যাশা কৰোঁ। ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’ গল্প-উপন্যাস নহয়— ‘অকাহিনী মূলক (Non-fictional) লেখা। কিন্তু তেওঁৰ অন্যান্য উপন্যাসৰ দৰেই সুখপাঠ্য, কৌতূহল উদ্দীপক— যদিও ইয়াৰ ভাব-ভাষা আৰু আৱেদন ভিন্ন আৰু অভিনৱ। এগৰাকী কুৰি বছৰীয়া নাৱিকে কি অদম্য প্ৰাণশক্তিৰে প্ৰকৃতিৰ নিৰ্মমতাৰ বিৰুদ্ধে যুঁজ দি ৰক্ষা পৰিছিল, সেই অপৰাজেয় মানৱীয় শক্তিক তুলি ধৰিছে মাৰ্কে’জে নিজস্ব ভাষাশৈলীৰে। এই কাহিনীটোৰ মাজেৰে লুই আলজেদ্ৰোৰ সাহস আৰু ক্ষমতাক যিদৰে বুজা যায়, তেনেদৰে মাৰ্কে’জৰ সাহিত্যিক প্ৰতিভাৰ বৈচিত্ৰ্যকো উপলব্ধি কৰা যায়।

 আমোদজনক কথা এয়ে যে সাহিত্য কৃতি হিচাপে চিৰকালৰ বাবে এই কাহিনীটোৱে স্থায়িত্ব লাভ কৰিলে মাৰ্কে’জৰ কাপৰ জৰিয়তে। কিন্তু বহু সোনকালেই বিস্মৃতিৰ গৰ্ভত হেৰাই গ'ল কাহিনীটোৰ নায়ক লুই আলজেন্দ্ৰো। চৰকাৰৰ ৰোষত পৰি নিৰ্বাসিত জীৱন কটাবলৈ বাধ্য হোৱা লুই আলজেন্দ্ৰোৰ বাকী জীৱনছোৱা পাৰ হ’ল নিশ্চুপ- নিঃসাৰে। নৌ বাহিনীৰ চাকৰি এৰি তেওঁ দূৰৈৰ চহৰ এখনত বাছ কোম্পানী এটাত কেইবছৰমান নিযুক্ত হোৱাৰ পাছত বীমা কোম্পানী এটাৰ কামতো সোমাইছিল। ১৯৮৩ চনত গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হোৱাত তেওঁ ৰয়েল্টী বিচাৰি মাৰ্কে’জৰ বিৰুদ্ধে গোচৰো দিছিল, কিন্তু সেই গোচৰত তেওঁ জিকিব নোৱাৰিলে। মৃত্যুৰ মাত্ৰ এসপ্তাহ আগতে ৰোগশয্যাৰ পৰা তেওঁ মাৰ্কে’জৰ ওচৰত ক্ষমা বিচাৰে। ২০০০ চনৰ ২ আগষ্টত ৬৬ বছৰ বয়সত লুই আলজেন্দ্ৰো ভেলাছকোৰ মৃত্যু হয়।

প্ৰশান্ত কুমাৰ দাস
গুৱাহাটী-৩