চিহ্নিত হৈ আছে।
সাগৰক জয় কৰি নিজক ৰক্ষা কৰাৰ এই অবিশ্বাস্য ঘটনাৰ পাছত ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয় লুই আলজেন্দ্ৰো। বিপুল আয়োজনেৰে চৰকাৰে তেওঁক সম্বৰ্ধনা জনায়, ৰাষ্ট্ৰপতিয়ে তেওঁক কৰমৰ্দন কৰে, দেশৰ সুন্দৰীসকলে তেওঁক জনসমাগমত চুমাৰে সম্ভাষণ জনায়। তেওঁৰ খবৰেৰে ভৰি পৰে বাতৰি কাকতৰ পৃষ্ঠা, তেওঁৰ উদাত্ত ভাষণ শুনা যায় ৰেডিঅ'ত। ভুমুকি মাৰে বিজ্ঞাপনৰ ছবিত। ধনী হোৱাৰ বিৰল সুযোগ নামি আহে জীৱনলৈ।
লুই আলজেন্দ্ৰো ভেলাছকোৰ জীৱনৰ এই বাস্তৱ কাহিনীটোৰ আধাৰত গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জে স্পেনিছ ভাষাত লিখি উলিয়াইছিল ‘দ্য ষ্ট'ৰী অৱ ছিপৰেক্ড ছেইলৰ'। ১৯৫৫ চনত কলম্বিয়াৰ ‘এল প্ৰছপেক্টাডৰ'ত ১৪ দিন ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল এই কাহিনীটো। মাৰ্কে’জ তেতিয়া চফল ডেকা – উৎসাহী সাংবাদিক। তেওঁ সেই কাকতখনতে কাম কৰিছিল। উক্ত কাহিনীটোৰ লেখক যে মাৰ্কে’জ, সেই কথা কেইজনমানৰ বাহিৰে কোনেও জনা নাছিল। প্ৰথম পুৰুষত ৰচিত এই কাহিনীটোৰ কাহিনীকাৰ হিচাপে লুই আলজেন্দ্ৰোৰহে নামটো ছপা হৈছিল। ১৫ বছৰ পাছত প্ৰকাশকে কিতাপ আকাৰে যেতিয়া প্ৰকাশ কৰি উলিয়ালে, তেতিয়াহে প্ৰথমবাৰৰ বাবে মাৰ্কে’জৰ নামটো ৰচয়িতাৰূপে উল্লেখ কৰা হ’ল। অৱশ্যে মাৰ্কে’জে কিতাপখনৰ সমস্ত ‘ৰয়েল্টী’ লুই আলজেন্দ্ৰোৰ নামত উৎসৰ্গা কৰে।
সম্ভৱতঃ মাৰ্কে’জৰ এইখনেই একমাত্ৰ গ্ৰন্থ— যাৰ বাবে তেওঁ পোনপটীয়াভাৱে ৰাষ্ট্ৰৰ ৰোষত পৰিবলগীয়া হৈছিল। সেই সময়ত চিলিত জেনেৰেল গুস্তাভো ৰোজাছ পিনিল্লাৰ নেতৃত্বত একনায়কত্ববাদী শাসন চলিছিল। গণতন্ত্ৰ ভূ-লুণ্ঠিত হৈছিল, বাক স্বাধীনতা বুলিবলৈ একোৱেই নাছিল। লুই আলজেন্দ্ৰোৰ কাহিনীটো প্ৰকাশ হোৱাৰ লগে লগে সেনা বিভাগৰ জৰিয়তে শাসকে যে চোৰাং বস্তুৰ সৰবৰাহত নামিছে, নৌ বাহিনীৰ জাহাজক অবৈধ সৰবৰাহৰ কামত ব্যৱহাৰ কৰিছে— সেয়াও গোমৰ ফাঁক হৈ পৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰিছিল শাসক পিনিল্লা। পাছলৈ মাৰ্কে’জৰ বিৰুদ্ধে পিনিল্লা চৰকাৰ ইমানেই প্ৰতিহিংসাপৰায়ণ হৈ পৰিছিল যে মাৰ্কে’জে দেশ এৰি গুচি আহিবলগীয়া হৈছিল আৰু ইউৰোপকে ধৰি বিভিন্ন দেশত আশ্ৰয় লৈ প্ৰায় ৭ বছৰ কাল সাংবাদিকতাৰ জীৱন পাৰ কৰিছিল। দেশলৈ মাৰ্কে’জৰ প্ৰত্যাৱৰ্তন ঘটিছিল পিনিল্লাৰ পতনৰ পাছতহে।
তেতিয়ালৈ অৱশ্যে মাৰ্কে’জ বিশ্বখ্যাত হৈ পৰা নাই, যদিও স্পেনিছ সাহিত্য তথা লেটিন আমেৰিকাত কথাকাৰ হিচাপে তেওঁৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি আহিছে। এই বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰেক্ষাপটতে প্ৰকাশকৰ তৎপৰতাত লুই আলজেন্দ্ৰোৰ কাহিনীটো