পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুবাদকৰ কথা

 ২০০২ চনৰ বুকাৰ বঁটাপ্ৰাপক য়ান মৰ্টেলৰ উপন্যাস ‘লাইফ অৱ পি’ পঢ়িবলৈ পোৱাৰ সময়ত মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্‌ড ছেইলৰ'ৰ কথা মনত পৰি গৈছিল অৱলীলাক্ৰমেই। দুয়োখন উপন্যাসৰ ধৰণ-কৰণ একেই। দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক জয়ী কৰোৱা দুই মানৱৰ অদম্য সাহসৰ কাহিনী। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। ‘কনটিকি অভিযান’ৰ কাহিনীৰ পৰা উমবাৰ্টো একোৰ .....লৈ সাগৰীয় এডভেঞ্চাৰৰ সাহিত্যই আমাক মুগ্ধ কৰিছে। এনেধৰণৰ সফল সাহিত্যৰ অন্যতম মাৰ্কে'জৰ ‘দ্য ষ্ট’ৰী অৱ এ ছিপৰেড ছেইলৰ'। কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক। ১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত হয় জাহাজখন। আমেৰিকাৰ পৰা চোৰাংভাৱে বয়বস্তু কঢ়িয়াই অনাৰ ফলত যি ভৰৰ সৃষ্টি হৈছিল, সেয়া সহিব নোৱাৰি মাজসাগৰত ডুব যোৱাৰ উপক্ৰম হয় জাহাজখন। কোনোপ্ৰকাৰে জাহাজ ৰক্ষা পৰিলেও সাগৰৰ অতল বুকুত হেৰাই যায় আঠজনকৈ নাৱিক। জাহাজখন কলম্বিয়াত উপস্থিত হোৱাৰ পাছত দুৰ্ঘটনাৰ খবৰ বিশ্বই জানিবলৈ পালে। নিৰুদ্দিষ্ট নাৱিকসকলক বিচাৰি তৎকালীনভাৱে উদ্ধাৰ অভিযানো চলোৱা হ’ল। তিনি দিন ধৰি নিৰৱচ্ছিন্নভাৱে অভিযান চলোৱাৰ পাছতো পোৱা নগ'ল কোনো এজন নাৱিকৰে সন্ধান। স্বাভাৱিকতে কলম্বিয়া চৰকাৰৰ নৌ বাহিনীৰ তৰফৰ পৰা দুৰ্ভগীয়া নাৱিককেইজনৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। কিন্তু সকলোকে আচৰিত কৰি দহ দিনৰ পাছত কলম্বিয়াৰ এক আওহতীয়া উপকূলত আহি উপস্থিত হ’ল লুই আলজেন্দ্ৰো ভেলাছকো। অনাহাৰ-অনিদ্ৰাৰ পৰিণতিত তেতিয়া মৃতপ্ৰায় অৱস্থা তেওঁৰ। তেওঁৰ সেই প্ৰাণৰক্ষাৰ ঘটনা এক ব্যাখ্যাতীত বিষয়ৰূপে আজিও