সমললৈ যাওক

পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এটা কথা স্পষ্ট— বিমানকেইখনৰ অহা-যোৱাৰ দিশতে আছে মাটি। মই জানো এতিয়া কি কৰা উচিত। কিন্তু কেনেকৈ? নিশা যদিও বোটখন বহুদূৰ আগুৱাই আহিছে, তথাপি এতিয়াও মাটিৰ পৰা বহু দূৰৈত। পাৰ পাবলৈ কিমান ব’ঠা মাৰিব লাগিব নাজানো। ৰ'দৰ তাপে মোৰ ছাল শুকুৱাই পেলাইছে। ঠিক মুৰ্গীৰ ছালৰ দৰে। পেটত ক্ষুধাৰ দহন। আৰু এই সকলোকে অতিক্ৰমি তৃষ্ণাৰ যন্ত্ৰণা। আনকি হুমুনিয়াহ এৰাৰো শক্তি নাই মোৰ।

 ১২.৩০ মিনিটত, সঠিক সময়টো কিমান চোৱা নাই, দেখিলোঁ পানীত অৱতৰণ কৰিব পৰা এখন বিৰাট ক’লা বিমান পোনে পোনে মূৰৰ ওপৰলৈ উৰি আহিছে। স্পষ্টকৈ দেখিবলৈ পালোঁ সেইখন। দিনটো ইমান ফৰকাল যে মই দেখিবলৈ পালোঁ এজনে কক্‌পিটৰ পৰা হাওলি বাইন’কুলাৰেৰে সমুদ্ৰৰ বুকুত তালাচ কৰিছে। বিমানখন ইমান তলেৰে মোৰ কাষেৰে উৰি গ'ল যে ইঞ্জিনৰ বতাহ আহি মোৰ মুখত লাগিল। বিমানখনৰ গাত লিখা আখৰবোৰ পঢ়িবলৈ সক্ষম হ'লোঁ। কানাল এলেকাৰ উপকূলৰক্ষীৰ বিমান এইখন।

 বিমানখন যেতিয়া কেৰিবিয়ানৰ মাজেৰে উভতি গ’ল, মোৰ আৰু কোনো সন্দেহ নাথাকিল। সিহঁতে মোক দেখা নাপালে। কিন্তু মই অবিৰত কামিজটো জোকাৰি গৈছোঁ আৰু চিঞৰিছোঁ— ‘সিহঁতে মোক বিচাৰি আহিছে।’ উত্তেজনাত উন্মাদৰ দৰে মই বোটৰ ওপৰত জঁপিয়াবলৈ ধৰিলোঁ।

 মোৰ সন্ধান পালে

 পাঁচ মিনিটৰ ভিতৰত ক’লা বিমানখন বিপৰীত দিশৰ পৰা পুনৰ উভতি আহিল। পূৰ্বৰ দৰে সেই একেই উচ্চতাৰে বাওঁফালে মোৰ ল'লে। সেইফালৰ খিৰিকীত দেখিবলৈ পালোঁ— মানুহ এজনে বাইন’কুলাৰ লৈ সমুদ্ৰ নিৰীক্ষণ কৰিছে। মই পুনৰ কামিজটো জোকাৰিলোঁ। এইবাৰ ধীৰে-সুস্থিৰে। যেন সাহায্য বিচৰা নাই, কেৱল ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ মোৰ উদ্ধাৰকাৰীসকলক।

 বিমানখন আগুৱাই আহিছে। যেন ভাৰসাম্য হেৰুৱাইহে নামি আহিছে তললৈ। যেন একেবাৰে সাগৰৰ পানীৰ ওপৰেৰে উৰি যাব। ভাব হ’ল পানীত অৱতৰণে কৰিব চাগে'। মই সাজু হ'ম। বিমানখন য’ত নামিব, মই তালৈকে ব’ঠা মাৰিম। কিন্তু পিছমুহূৰ্ততে বিমানখন পুনৰ ওপৰলৈ উঠি গ'ল। এপাক দি মূৰৰ ওপৰত অৱস্থান কৰিলে। কামিজটো আৰু জোকাৰিবলৈ বাদ দিলোঁ, অপেক্ষা কৰিলোঁ তললৈ নামি অহালৈ। কিন্তু ওলোটাটোহে ঘটিল— যি দিশৰ পৰা আহিছিল সেই দিশলৈ উভতি গ’ল বিমানখন। যি নহওক মোৰ দুশ্চিন্তাৰ কাৰণ নাই— মই নিশ্চিত, সিহঁতে মোক

৩৯