সমললৈ যাওক

পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখিছে। ইমান তললৈ আহি, বোটৰ ওপৰেৰে উৰি যোৱাৰ পাছতো মোক নেদেখাকৈ কেতিয়াও থাকিব নোৱাৰে। এইবাৰ মোৰ দুশ্চিন্তা আঁতৰিল, গভীৰ আস্থাৰে, আনন্দমনে বোটত বহি অপেক্ষা কৰিবলৈ ধৰিলোঁ।

 এঘণ্টা পাৰ হৈ গ'ল। এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ পেলালোঁ মই। বিমানকেইখন যি দিশৰ পৰা আহিছিল, সেইফালেই নিশ্চয় কাৰটাজেনা। ক'লা ৰঙৰ বিমানখন যিফালে নোহোৱা হ'ল, সেইফালে নিশ্চয় পানামা। মই হিচাপ কৰি দেখিলোঁ। পোনে পোনে ব’ঠা মাৰি আৰু বতাহৰ শক্তিক কামত লগাই যদি আগুৱাই যাওঁ, তেন্তে নিশ্চয় তোলুত উপস্থিত হ'ব পাৰিম। তোলু পৰ্যটকৰ অৱসৰ বিনোদনৰ ঠাই। সেই দুয়ো এলেকাৰ মাজভাগতেই তোলু।

 কিন্তু ভাব হ'ল এঘণ্টাৰ ভিতৰত আহি পাব আচল উদ্ধাৰকাৰীৰ দল। কিন্তু এঘণ্টা পাৰ হৈ গ'ল। পৰিষ্কাৰ প্ৰশান্ত সমুদ্ৰ। কিন্তু কোনো আশাৰ ঘটনা নঘটিল। তাৰ পাছত পাৰ হৈ গ'ল দুঘণ্টা, তাৰ পাছত আৰু এঘণ্টা আৰু এঘণ্টা। এটা মুহূৰ্তও লৰচৰৰ নকৰাকৈ বোটত বহি ৰ'লোঁ একেৰাহে। উত্তেজনাত অস্থিৰ হৈ দিগন্তলৈ চাই আছোঁ নিষ্পলক দৃষ্টিৰে। পাঁচ বজাৰ লগে লগে সূৰ্য অস্ত যাবলৈ ধৰিছে, কিন্তু মই আশা এৰি দিয়া নাই। মাথোঁ বাঢ়ি আহিছে অস্বস্তি-অস্থিৰতা। মই নিশ্চিত ক'লা ৰঙৰ সেই বিমানখনৰ পৰা মোক দেখিছে। কিন্তু উদ্ধাৰকাৰীৰ দল আহিবলৈ ইমান সময় লাগিছে কিয়? ডিঙি শুকাই গৈছে। ভীষণ কষ্ট হৈছে উশাহ-নিশাহ ল’বলৈ। দৃষ্টি মাথোঁ দিগন্তৰ

ডেষ্ট্ৰয়াৰ কালডাছ

৪০