পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাঁচ

লাইফ বোটত আৰু এজন সংগী

 পাঁচ মিনিট ধৰি কামিজটো উৰুওৱাৰ পাছত হঠাৎ বুজিলোঁ, মই ভুল কৰিছোঁ। বিমানখন বোটৰ ফালে অহাই নাই। মই ক'লা বিন্দুটোলৈ লক্ষ্য কৰি আছিলোঁ, ক্ৰমান্বয়ে বিন্দু ডাঙৰ হৈছিল। এনে লাগিছিল যেন বিমানখন মূৰৰ ওপৰেৰে যাব। কিন্তু সেইখন আছিল বহু দূৰৈত আৰু বহু ওপৰেৰে পাৰ হৈ গ'ল। বোটৰ ওপৰত থিয় হৈ জ্বলন্ত বেলিটোৰ তলত মই মাথোঁ ক'লা চিহ্নটোলৈ চাই ৰ'লোঁ। ধীৰে ধীৰে সেইটো দিগন্তত বিলীন হৈ গ'ল। পুনৰ বহি পৰিলোঁ মই। ভাগি পৰিছোঁ, কিন্তু আশা হেৰুওৱা নাই। সূৰ্যৰ পৰা নিজকে বচাবলৈ কিবা এটা কৰিব লাগিব।

 বোটত চৌবিছ ঘণ্টা পাৰ হ'ল। মুখমণ্ডলত পানীৰে তিওৱা কামিজটো দি এইবাৰ বোটৰ একাষে বাগৰ দিলোঁ। টোপনিওৱাৰ আগ্ৰহ নাই, কাৰণ তেনে কৰিলে কি বিপদ হ'ব জানো। বিমানখনৰ কথা পুনৰ মনলৈ আহিল। মই নিশ্চিত নহয় যে সিহঁতে মোকেই বিচাৰি আহিছিল। আৰু সেইখননো কি বিমান মই ভালদৰে চিনাক্তও কৰিব পৰা নাছিলোঁ।

 বোটৰ ওপৰত শুই থাকোঁতে তৃষ্ণাৰ যন্ত্ৰণা অনুভূত হ'ল। মুখৰ থু গধুৰ হৈ পৰিছে, ডিঙি শুকাই কাঠত পৰিণত হৈছে। ইচ্ছা হ’ল, সাগৰৰ পানীকে খাওঁ, কিন্তু নিজক সম্বৰণ কৰিলোঁ, জানো সাগৰৰ পানীয়ে ক্ষতি কৰিব। যদি প্ৰয়োজন হয়, পাছতো খাব পাৰিম। হঠাৎ পিয়াহৰ কথা পাহৰি পেলালোঁ। ঢৌৰ শব্দ তল পেলাই আকাশত পুনৰ বিমান আগমনৰ আৱাজ।

 পুনৰ উত্তেজনা জাগি উঠিল মোৰ। প্ৰথম বিমানখন যি দিশৰ পৰা আহিছিল, সেই দিশৰ পৰাই আহিছে। আহিছে বোটৰ ফালেই। মূৰৰ ওপৰ পোৱাৰ আগতেই মই পুনৰ কামিজটো উৰুৱাবলৈ ধৰিলোঁ। কিন্তু বিমানখন বহু আঁতৰেৰে, বহু ওপৰেৰে পাৰ হৈ গুচি গ'ল। বিলীন হৈ গ'ল আকাশৰ শূন্যতাত। কিন্তু খন্তেক পাছতে সচকিত হৈ পৰিলোঁ মই, বিমানখন পুনৰ উভতি আহিছে। সিহঁতে নিশ্চিতভাৱে মোকেই বিচাৰিছে। বোটৰ ওপৰত থিয় দি কামিজটো হাতত লৈ পুনৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ।

৩৮