পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেয়া মোৰ ভাগ্যৰ দোষ। ঘড়ীটোলৈ চাই নিজকে বুজনি দিয়াৰ চেষ্টা চলালোঁ। দ্ৰুততাৰে পাৰ হ'বলৈ ধৰিছে দিনটো। এতিয়া চাৰে এঘাৰ বাজিল।

 দিগন্ত এটা ক'লা বিন্দু

 দিনটো যিমানে গাঢ় হ’বলৈ ধৰিলে, মই পুনৰ কাৰটাজেনাৰ কথা ভাবিবলৈ ধৰিলোঁ। অনুশোচনা হৈছিল, কিয়নো উঠিলোঁ এই লাইফ বোটত? মোৰ বাকী সহকৰ্মীসকল নিশ্চয় ইতিমধ্যে উদ্ধাৰ পৰিছে। বোটখনেহে মোক ক'ৰবালৈ উটুৱাই আনিলে। ভাগ্য বেয়া বাবেহে মই এতিয়াও এই লাইফ বোটত।

 কথাটো ভাবি থাকোতে চকুত পৰিল দিগন্তত এটি ক’লা বিন্দু। বিন্দুটো ক্ৰমান্বয়ে আগুৱাই আহিছে মোৰ পিনে। স্থিৰ নিষ্পলক দৃষ্টিৰে চাই ৰ'লোঁ মই। সমস্ত আকাশখন চকুৰ ভিতৰত জলমলাই উঠিল। ক’লা বিন্দুটো ধীৰে ধীৰে মোৰ বোটৰ পিনেই আগুৱাই আহিছে। কেইটামান মুহূৰ্তৰ পাছত অৱয়ৱ এটা জিলিকি উঠিল। সেই জিলিকনি ধাতৱ অৱয়ৱৰ। কান্ধত বিষ, চকুৱে সহিব পৰা নাই আকাশৰ বিশালতা। তথাপি চাই আছোঁ। দ্ৰুততাৰে আগুৱাই আহিছে বোটৰ পিনে। মই আনন্দত অধীৰ হোৱা নাই, আৱেগত উথলিও উঠা নাই। শান্তভাৱে বোটৰ ওপৰত থিয় হৈ আছোঁ। বিমানখন আগুৱাই আহিছে। মই কামিজটো খুলি পেলালোঁ। মই সংকেত দিব লাগিব। এক মিনিট, দুই মিনিট— হাতত কামিজটো, অপেক্ষা কৰিছোঁ আৰু কাষ চাপি আহক বিমানখন। পোনে পোনে বোটৰ পিনে আগুৱাই আহিল, ময়ো কামিজটো তুলি জোকাৰিবলৈ ধৰিলোঁ। ঢৌৰ শব্দৰ মাজতো শুনিবলৈ পালোঁ বিমানৰ ইঞ্জিনৰ শব্দ।

৩৭