পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাদে আৰু ক'তো একো পোহৰৰ চিন নাই।

 পুৱা সাগৰত শীত অলপ বেছি হয়। শৰীৰত ক্লান্তি নামিছে। দিনটোৰ সূৰ্যৰ সমস্ত তাপ জমা লাগি আছে গাৰ ছালৰ তলত। শীত বঢ়াৰ লগে লগে জ্বলন অনুভৱ কৰিছোঁ। মাজনিশাৰ পৰা আঁঠুৰ বিষটোও বাঢ়িব ধৰিছে। এনে লাগিছে যেন হাড়ৰ ভিতৰলৈহে পানী সোমাই গৈছে। কিন্তু ইয়াৰ পাছতো মই এনেদৰে চিৎকাৰ কৰিব পাৰিম, যদি জাহাজৰ এটি পোহৰৰ ৰেশ দেখিবলৈ পাওঁ। নিশাৰ সমুদ্ৰৰ অন্তহীন এই শব্দৰ মাজতো মোৰ সেই চিৎকাৰ বহু দূৰণিলৈ শুনিবলৈ পোৱা যাব।

 প্ৰত্যুষৰ পোহৰ

 ধীৰে ধীৰে সমুদ্ৰ আলোকিত হৈ উঠিল। কিন্তু উপকূলৰ দৰে নহয়। প্ৰথমে বিৱৰ্ণ হ’ল আকাশ, তৰাবোৰ এটি এটিকৈ আঁতৰি গ'ল। ঘড়ীলৈ চালোঁ, তাৰ পাছতে চালোঁ দিগন্তলৈ। সমুদ্ৰৰ বিশাল ৰূপ দৃশ্যমান হৈ পৰিল। বাৰটা ঘণ্টা পাৰ হ’ল। দিনতকৈও দীঘল এই ৰাতিটোৰ সমাপ্তিৰ পাছত আৰম্ভ হ'ল এটা নতুন দিন।

 ৰাতি পুৱাল। কিন্তু কি হ’ব? খোৱাৰ ইচ্ছা নাই। বতাহৰ উষ্ণতা সামান্য বৃদ্ধি পাইছে। সমুদ্ৰ শান্ত, সোণালী বৰণ ধৰিছে। যোৱা ৰাতি অলপো শোৱা নাই৷ তথাপি এনে লাগিছিল যে এইমাত্ৰহে নিদ্ৰাৰ পৰা উঠিলোঁ। বোটত শৰীৰটো এৰি দিলোঁ। হাড়ে হাড়ে বিষ, দেহৰ ছালত জ্বলন।

 ফৰকাল বতৰ, উমাল বতাহ বলিছে। বতৰটোৱে যেন মোক অপেক্ষা কৰিবলৈ শক্তি যোগাইছে। নিজকে বেছ স্বাভাৱিক যেন অনুভৱ কৰিলোঁ। কুৰি বছৰৰ জীৱনত এই প্ৰথম নিজকে সুখী যেন লাগিল। বোটখন সমুখলৈ আগুৱাইছে। গোটেই ৰাতিটো কিমান দূৰত্ব আগবাঢ়িল বুজিব নোৱাৰিলোঁ। কিন্তু দিগন্ত এতিয়াও অপৰিৱৰ্তিত। যেন মই একে ঠাইতে স্থিৰ হৈ আছোঁ। সাত বজাত ডেষ্ট্ৰয়াৰৰ কথা মনত পৰি গ'ল মোৰ।প্ৰাতঃভোজনৰ সময় এতিয়া। মোৰ সহকৰ্মীসকলে খোৱা মেজৰ চাৰিওফালে বহি আপেল খাইছে। অলপ পাছতে আহিব কণী, মাংস, পাওৰুটী আৰু ক'ফী। মোৰ জিভালৈ পানী আহি গ'ল। পেটৰ ভিতৰত খলখলাই উঠিল। ভোক পাহৰিবলৈ চেষ্টা কৰিলোঁ। বোটৰ তলৰ ফালে দেহটো আগুৱাই দিলোঁ, ৰ’দে পোৰা পিঠিত শীতল পানীৰ স্পৰ্শত বৰ আৰাম পালোঁ। ঘূৰাই পালোঁ শৰীৰৰ শক্তি। শুই শুই ভাবিবলৈ চেষ্টা কৰিলোঁ ৰেমন হেৰোৰাৰ সৈতে কিয় বাৰু ডেকত থিয় হ’বলৈ গৈছিলোঁ? কিয় নিজৰ বাংকত আহি শোৱা নাছিলোঁ। প্ৰতিটো মুহূৰ্তৰ সেই ভয়ংকৰ ঘটনাটোক স্মৰণ কৰিবলৈ চেষ্টা চলালোঁ। কোনো কাৰণেই নাছিল এই দুৰ্ঘটনাত পতিত হোৱাৰ। নিৰীক্ষণৰ দায়িত্বত নাছিলোঁ, যেতিয়া ডেকলৈ আহি থিয় হোৱাৰো দৰকাৰ নাছিল। যি ঘটিল

৩৬