পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
ফাগুনী

চিৰিপ্‌ চিৰিপ্ কৰি  কাপোৰ ধুই আছিলোঁ,
 চিৰি লুইতলৈ চাই।
চিৰি লুইততে  সুহুৰি মাৰিলে,
 চেনাই নাও মেলি যায়॥ ৩৮৬।

তেল পৰি পিচলা,  ভৰি দিব নোৱৰা,
 ৰঙাজানৰ তেলীয়া সাঁকো।
দিনটো নেদেখি  থাকিব নোৱাৰোঁ,
 ৰাতি কেনে কৰি থাকোঁ॥ ৩৮৭।

চিৰিপ্ চিৰিপ্ কৰি  কাপোৰ ধুই আছিলোঁ,
 ওপৰে উৰিলে টুনি।
টুনিৰে লগতে  উৰিম যেন লাগিলে,
 লগত নাইকিয়া তুমি॥ ৩৮৮।

পৰবতত মাৰিবৰ  ঢাপলিকা চৰাইটি,
 ভৈয়ামত মাৰিবৰ টুনি।
খোৱা ভাত-পানী  তেনেই হল আথানি,
 মোৰ ধনৰ বাঁহী মাত শুনি॥ ৩৮৯।

পদূলি মুখৰে  তামোল তিনি জুপি,
 বাঁহনি ঢাপৰে পাণ।
হাতৰে বাঢ়নি  দি যাওঁ দলি মাৰি,
 শুনি যাওঁ মোৰ ধনৰ নাম॥ ৩৯০৷