পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
জনকাব্য
 

ঠেকেচি ভাঙি যাওঁ  ৰূপহী যঁতৰটি,
 ভুকুৱাই ভাঙি যাওঁ মাকো।
আমাৰে লগৰী  যায় নগৰীলৈ,
 আমি কাৰ লগত থাকোঁ॥ ৩৯১।

লগৰীয়ে বগৰি   খায়, লগৰীয়া,
 লগৰীয়ে বগৰি খায়৷
কিয় লগৰীয়ে শতৰু শালিলা,
 জাপি কাতি কৰি চাই॥ ৩৯২।

মন হ’ল অলিয়া,  চিত হ'ল বলিয়া,
 দেহা হ’ল দিহিঙৰ গড়া।
তোমাৰ লগত ঐ,  হলোঁ মই বলিয়া
 চিনাকি হবৰে পৰা॥ ৩৯৩।

কাহানি ছিগিলে,  বতাহত উৰিলে,
 এইডালি মইনাৰ চুলি।
তোমাৰ বাতৰি নাপাওঁ ভালকৰি,
 আহিলোঁ চাবলৈ বুলি॥ ৩৯৪।

চমকত চাবলৈ  নহওঁ মই বিজুলী,
 নহওঁ মই বোৱতী নৈ।
চৰায়ে নহওঁ মই থিতাতে উৰি গৈ
 থাকিম যে সাবটি লৈ॥ ৩৯৫।