পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
জনকাব্য


বিংশ অধ্যায়

চটাই পৰবত ঐ  ধুৱঁলি-কুঁৱলী,
 কোনে ভাত ৰান্ধি খায়।
মাক নাই মাউৰা,  তিৰি নাই বৰলা,
 হাতী ধৰিবলৈ যায়॥ ৩৮১।

আই নাই, বোপাই নাই,  সমনীয়া ককাই নাই,
 কোনে কৰি যাব মৰম।
বৰলা ভকতক  কন্যা দান কৰিব,
 লব কলি কালৰ ধৰম॥ ৩৮২।

এই চ'ত মহীয়া  ৰ’দ চৌ-এ চৌ-এ,
 পেটতো লাগিছে ভোক।
তিয়ঁহো নহলি,  চিৰালো নহলি,
 কেচাই খালোঁহেতেন তোক॥ ৩৮৩।

কোৱাই কা নকৰা,  জিলি জা নকৰা,
 বদতি মুখৰে আলি।
কেচাই খাওঁ, পকাই খাওঁ,  নকৰ ডেকা লৰা,
 নহওঁ মই তিয়ঁহৰ জালি॥ ৩৮৪।

আমৈ টেঙাৰ চকলা  অকলে নাখাবা,
 আমাকো এচকল দিবা।
যোৰহাট জিলালৈ  অকলে নাযাবা,
 আমাকো লগতে নিবা॥ ৩৮৫।