পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ফাগুনী

চৰায়ে চৰায়ে  আলচখন পাতিছে,
 গছৰ গুটি খাবৰ মন।
মাৰা-বাপেৰাই  আলচখন পাতিছে,
 তোমাক বেচি খাব ধন॥ ৩৬৬।

নৰাই বেচিলে নৰা জাংফাই,
 মিৰিয়ে বেচিলে কি।
মাতলৈ তুলিলে  মাতৰে মইনা,
 ধনলৈ তুলিলে জী॥ ৩৬৭।

ধনলৈ কৰিলা মন, মোৰ শহুৰ ঐ,
 ধনলৈ কৰিলা মন।
একহি পুৰুষক  নৰকত পেলালা,
 জীৱৰো মাৰিলা কণ॥ ৩৬৮।

জাপি সৰুদৈয়া  টুপ, ঐ লাহৰী,
 জাপি সৰুদৈয়া টুপ।
তোমাক সৰু দেখি  আনিব খুজিলোঁ,
 বাপেৰে নললে ৰূপ॥ ৩৬৯।

মাৰে নিদিয়ে,  বাপেৰে নিদিয়ে,
 বোৱা-ৰোৱা গুণলৈ চাই।
তুমি প্ৰাণেশ্বৰী,  চোৱাঁ মন কৰি,
 যৌৱন কাল ভটিয়াই যায়॥ ৩৭০।