পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
জনকাব্য

বেলি ভাটি দিলে  ভোক মৰহিলে,
 ভোক গলে নালাগে ভাত।
বয়স ভাটি দিলে  ছোৱালী নালাগে,
 বহনা নাথাকে গাত॥ ৩৭১।

নহওঁ কলা গছৰ  বূঢ়া মই, পিতাই ঐ,
 নহওঁ চেৰা গছৰ মূঢ়া।
আজি কালি কৰি  বয়স ভাটি দিব,
 লোকে বুলি যাব বুঢ়া॥ ৩৭২।

উজাই নাৱৰীয়াই  বালিত ভাত খালে,
 গছকি পুতিলে টো।
আই নাকান্দিবা,  বোপাই নাকান্দিবা,
 আমি জিৰনীয়া মৌ॥ ৩৭৩।

জিৰনীয়া মৌৱে  জিৰাইছে, দেহী ঐ,
 গছৰে ডালত পৰি।
আজি জিৰণীয়া  জিৰাবলৈ পোৱা নাই,
 চেনাইৰে ডিঙিতে ধৰি॥ ৩৭৪।

বোপায়ে মাৰিলে,  দুৱাৰ দাং ভাঙিলে,
 ঘৰতো নিদিলে ঠাই।
সৰুৰ-এ পৰা  ইমানটি হলোঁহি
 লোকৰ কটা তামোল খাই॥ ৩৭৫।