পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
জনকাব্য


উনবিংশ অধ্যায়

আয়ে তুলিলে  কটনা কাটিয়ে,
 কৰি খাব নাজানো কাম।
আমোলা নহলোঁ,  মহৰি নহলোঁ,
 তোমাক কেনে কৰি পাম॥ ৩৬১।

দিলীহ-দৰিকাত  উজায় পাভ মাছ,
 দিখৌৱে উজাবৰ নাৰ।
মোক নিব খোজ  তই, ঐ পিলিঙা,
 কিমান ধন দিব পাৰ॥ ৩৬২।

কিনো ফুল বাচিলি  তই, ঐ ৰচকী,
 আটাইবোৰ বাবৰি-চকা।
অকলে লগ দি  বলিয়া কৰিলি,
 হাতত নাইকিয়া টকা॥ ৩৬৩।

হালৰো বেচিম মই  ক'লাকৈ কপিলা,
 গোহালিৰ বেচিম মই গৰু।
তেও যদি ধনেৰে  জোৰাব নোৱাৰোঁ,
 বেচিম ভাই আপোনাৰ সৰু॥ ৩৬৪।

হালৰা বেচিবা  ক’লাকৈ কপিলা,
 গোহালিৰ বেচিবা গাই।
চেনেহৰ সৰু ভাই বেচিব নালাগে,
 সাৰথি পাবলৈ নাই॥ ৩৬৫।