পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
আকুল পথিক

কোনেনো মাৰি গল  হাৰুৱা কপৌটি,
 কোনে উঘালিলে নেজ।
মইনাৰ গালতে  কোনে আঁচুৰিলে,
 দুগালে বাগৰে তেজ॥ ২৭১।

মইনাজানৰ দুখন গাল  দেখিবলৈ এনে ভাল,
 আনিবলৈ নাপালোঁ থাপত।
দুয়ো একেলগে   শুবলৈ নাপালোঁ,
 এড়িয়া কাপোৰৰ জাপত॥ ২৭২।

তুমি প্ৰাণেশ্বৰী  প্ৰেমৰে পুতলি,
 কোলাতে বহুৱাই ল’ম।
বাৰ শতৰুলৈ  ভয় নকৰিবা,
 কাপোৰ দি লুকুৱাই থ’ম॥ ২৭৩।

ছাগে বে-বেৱাব,   কোৱাই কেল্ কেলাব,
 কাকে পেটৰ কথা ক’ম।
এনে মনে ধৰে  তোমাক যেন, লাহৰী,
 শৰীলত সুমুৱাই থ’ম॥ ২৭৪।

কিয় মোৰ, মইনা,  আহিলা এতিয়া,
 গল চ'তৰ বিহু আজি।
তোমাৰে আমাৰে  যোৰা নিমিলিলে,
 পণ্ডিতে মেলিছে পাঁজি॥ ২৭৫।