পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
জনকাব্য

ভৰালৰ টুপতে  কেৰেলা বগালে,
 কোমোৰা বগালে চালত।
কৈ আহিছিলোঁ  শহুৰৰ জীয়েকক,
 নেৰিবা দুখৰে কালত॥ ২৬৬।

জাকৈ খালে খালে  বালি, ঐ লাহৰী,
 খালৈ খালে খালে বালি।
বিৰিনাৰ তলতে  তামোল থৈ আহিলোঁ,
 হেৰা পালোঁ বুলি খালি॥ ২৬৭।

এঙনি-জেঙনি  দেখিবলৈ শুৱনী,
 কাকিনী তামোলৰ ঠোক।
মুখৰ তিৰবিৰনি  গাৰ জিলিকনি,
 কেনেকৈ পাহৰোঁ তোক॥ ২৬৮৷

আহোঁ কেঞাবনে,  যাওঁ কেঞাবনে,
 কেঞাবনে কাটিলে গা।
ঠুৰিয়া তামোলত আহুদি কৰিলাঁ,
 পানীত পৰি নুজুৰায় গা॥ ২৬৯।

আগলৈ এখুজি  কৰোঁ, ঐ মইনা,
 পিছলৈ এখুজি কৰোঁ।
যেতিয়া তোমালৈ  মনত পৰি যাব,
 খোজত হুমুনিয়া কাঢ়োঁ॥ ২৭০।