পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
জনকাব্য

তৰানি হাবিলৈ  চাই পঠিয়ালোঁ,
 পাত তিৰবিৰ কৰে।
তোমাৰ ফাললৈ  চাই পঠিয়ালোঁ,
 জালুক-জলকীয়াই পোৰে॥ ২৭৬৷

হাতী পানী খালে  দৰিকা দলঙত,
 কাঠত খোপনি লৈ।
আমাৰ নপলালে  পানীৰ পিয়াহটি,
 চেনাইক আগত লৈ॥ ২৭৭।

চৰায়ে খাই গল  ধান, সমনীয়া,
 উফৰি পৰি গল কণ!
কল-ঠৰুৱাৰে  ফুল গুঁথিছিলোঁ,
 মইনাৰ নাখালে মন॥ ২৭৮।

দকৈ পথাৰত  হাতী পানী খালে,
 নেগুৰে মাৰিলে ছাটি।
শহুৰৰ জীয়েকক  মালা পিন্ধাবলৈ,
 দিয়াঁ চাৰি চাকি গাঁথি॥ ২৭৯।

পাণ দিয়াঁ পাণদৈ,  চূণ দিয়াঁ চূণদৈ,
 তামোল দিয়াঁ তামোলদৈ খাওঁ।
মনৰ দুখ-কষ্ট   মনতে মাৰিবাঁ,
 এতিয়া ঘৰলৈ যাওঁ॥ ২৮০।