পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
জনকাব্য

পুৰণি জেওৰা নববি, মইনা,
 লোকে খৰি পুৰি খায়।
লগনীয়া কথা  নলবি, আমাৰ
 জোৰা ভাঙিবলৈ চায়॥ ২১৬।

লগনীয়া কথা  নলবি, লাহৰী,
 সি কথা তোমাৰ যম৷
হাজাৰ আশা কৰা  পাম-খাম বুলি,
 সি আশা কৰিব ভঙ॥ ২১৭।

লগনীয়া কথাকে  নলওঁ নলওঁ বুলি
 লগনীয়া কথাকে ললি৷
মোকে আগত থৈ  শতুৰুক লগত লৈ
 তামোল কাটি অকলে খালি॥ ২১৮।

চ’তৰ বাৰ খৰত  শিমলু ফুলিলে,
 ওপৰে উৰিলে তুলা।
কাৰ নো বুধি পাই  নাহাঁ কাষ চাপি,
 জনমৰ শতৰু হলা॥ ২১৯।

কেলৈ এনেকুৱা  হলি, প্ৰাণেশ্বৰী,
 কেলৈ এনেকুৱা হলি।
চকুলৈ চালে তই  মুখলৈ নাচাৱ,
 জনমৰ শতুৰু হলি॥ ২২০।