পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
আকুল পথিক

দ্বাদশ অধ্যায়

হাতৰে আঙুলি চিৰিলি চিৰিলি,
 ভৰিৰ আঙুলি ঘন৷
ভৰিৰ আঙুলিৰে  মাটি খুচৰিছ,
 কালৈ বা কৰিছ মন॥ ২২১।

চ’তকৈ মহীয়া  নাহৰ ফুল ফুলিলে,
 বহাগত পেলালে কলি।
আমাৰ সুখৰ দিন  আহিল, ঐ লাহৰী,
 চকুলৈ নোচোৱা হলি॥ ২২২।

আৰৈ ধান লেচিয়া  বানিবি কেতিয়া,
 কুলাতকৈ চালনি ঘন।
চকুৰে চাইছ  মুখেৰে নামাত,
 জানোবা কাৰোবাত মন॥ ২২৩।

জৰি গছৰ তলতে  খৰি লুৰিছিলোঁ,
 আজুৰি ছিঙিলোঁ লতা।
চকুলৈ চাইছ  মুখেৰে মতা নাই,
 ল’লি টুটকীয়াৰ কথা॥ ২২৪।

ইমান দিন মোৰ ধনঐ,  মনকে বুজালোঁ
 তোমাৰ মুখখনিলৈ চাই।
তোমাৰ সন্তাপত  মৰিব পাৰোঁ মই,
 মিচিমিৰ বৰ বিহ খাই॥ ২২৫।







84