পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
আকুল পথিক

আপুনি নাখায়ে  মোলৈ সাঁচিছিলি
 নল-চুটি চাউলৰ ভাত।
এতিয়া, মইনা,  কোনে কি খুৱালে,
 কেটেৰা-জেঙেৰা মাত॥২১১।

চকু চাই চকু চাই  মনকে মুহিলি,
 হাঁহি মাৰি লগালি লেঠা।
তোক আনিম বুলি  আশা পালি আছিলোঁ,
 শতুৰুৱে লগালে লেঠা॥ ২১২।


কেলৈ এনেকুৱা হলি  তই, বান্ধৈ ঐ,
 চকু টেৰোৱাকৈ চালি৷
আমাৰ কপালে  যি হৈছে হইছে,
 তই নো কেই কাল খাবি॥ ২১৩।

চকুলৈ চালে তই  মুখলৈ নাচাৱ,
 ঈশ্বৰক কৰিছোঁ সাখী৷
মই যদি তোলৈ  অহিত চিন্তিছোঁ,
 ঈশ্বৰে নথব ৰাখি॥ ২১৪।

ঠুৰিয়াই ঠুৰিয়াই  তামোল কাটি দিছিলি,
 তাৰ মাজত দিছিলি লঙ্।
মোলৈ আহিম বুলি  কাপোৰ ধুই দিছিলি,
 মনত লগাইছিলি ৰঙ॥ ২১৫।