পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
জনকাব্য


ফুলাম চেলেঙৰ দহী, তই চেনাই ঐ,
 ফুলাম চেলেঙৰ দহী।
কোন টুটকীয়াই শতুৰু শালিলে,
 মুখত নাই মিচিকি হাঁহি॥ ২০৬।

এনে কাঠচিতীয়া  কিয় হলা, মইনা,
 মাতিলে নমতা হলা।
কাৰ খোচনীয়া  কথা পাই আমালৈ
 চকু নুঘূৰোৱা হলা॥ ২০৭।


ধান বহাবৰে  গোটোঙা টোটি,
 সুৱৰ্ণ বিৰিখৰ খৰি।
কোনে মন ভঙালে,  কোনে মন ছিগালে
 দুইকো দুফালি কৰি॥ ২০৮।

বৰ ঘৰৰ মূধতে  খৰি ফালিছিলোঁ
 উফৰি পৰিলে চলি।
কিনো দায়-জগৰ  লগালোঁ লাহৰী,
 মুখেৰেও নমতা হলি॥ ২০৯।

বাৰীৰ পিছফালে  হাঁহ খেদিছিলোঁ,
 চোতালত আৰৈ ধান খালে৷
চকুলৈ চালে তই  মুখলৈ নাচাৱ,
 তোকে টুটকীয়াই পালে॥ ২১০।