পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
আকুল পথিক

বিৰাগ

একাদশ অধ্যায়

পূবেদি ওলালে  পূবৰে অৰুণ ঐ,
 পছিমে ওলালে জোন।
সইতে শপতে  মিছা নামাতিবা,
 তোমাৰ মৰমীয়া কোন॥ ২০১।

লাওৰ আগ বঢ়াদি  বাঢ়িলি লাহৰী,
 কোমোৰাৰ আগলৈ চাই।
মোৰ মৰম-চেনেহ  পাহৰি পেলালি
 কাৰ মৰম-চেনেহ পাই॥ ২০২।

ৰোৱা ৰুই গলা,  পিছলৈ নাচালা,
 ৰোৱাত ধৰি গল পোকে৷
আজি অত দিনে   পিৰিতি কৰিলোঁ,
 এতিয়া লৈ যাব লোকে॥ ২০৩।

ধান দাই গলা,  পিছলৈ নাচালা,
 নৰাত এৰি গলা ঠোক।
আজি অত দিনে  পিৰিতি কৰিলোঁ
 এতিয়া এৰিলা মোক॥ ২০৪।

ৰৈ ৰৈ কান্দিলে  চাকৈকৈ চকোৱা,
 ৰৈ ৰৈ কান্দিলে জিলি।
এনেয়ে মৰিছোঁ  তোমাৰ সন্তাপত,
 আকৌ গা দেখা দি গলি॥ ২০৫।