সমললৈ যাওক

পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
জনকাব্য

ভাবোঁতে ভাবোঁতে  ভাবনা লাগিলে,
 পেটতো নালাগে ভোক৷
কণা বিধাতাই ঐ কপালত লিখিলে,
 লোকে-হঁহা কৰিলে মোক॥ ১৯৬৷

নৈৰ সিপাৰে  নাৰায়ণ শিমলু,
 তাতে ললে কুৰুৱাই বাহ।
এই নাৰী জাতি  মৰম নাইকিয়া,
 চিনিব নোৱাৰি আঁহ॥ ১৯৭।

মনৰো ঠিকনা  নাই, প্ৰাণেশ্ববী
 চিতৰো ঠিকনা নাই।
ঘৰত মন পাৰি  থাকোঁ কেনেকৰি
 সন্তাপে মাৰিছে খাই॥ ১৯৮।

লোৱকে বিন্ধিলে  লোৱৰে মামৰে,
 ছাতিৰ নালত বিন্ধিলে ঘূণে।
চাৰি আঙুল কপালত  বিধাতাই লিখিলে,
 চাঁচি বা গুচাব কোনে॥ ১৯৯।

তোমালৈ চিতনি, তোমালৈ গুণনি,
 থাকোঁ অনাহাৰে শুই৷
কোনোবা জনমত   মহা পাপ কৰিলোঁ,
 দি গলা শৰীলত জুই॥ ২০০।