পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
আকুল পথিক


কাম কৰি কৰি  আমনি লাগিলে,
 মনত পৰি পৰি কান্দো৷
তোমাৰ সন্তাপত  থাকিব নোৱাৰি,
 গোসাঁই ঘৰত টোপোলা বান্ধো॥॥ ১৯১।

তোমাৰ গুণৰ কথা  কাহানি পাহৰিম,
 যম ৰজাই নিনিয়ে মানে।
মোৰ দুখৰ কথা  কাৰ আগত কৈ যাম,
 আত্মা-শৰীলেহে জানে॥ ১৯২।

ওপৰে উৰিলে  গঙাকৈ চিলনি,
 পাখিয়ে নললে ঘোৰ।
তুমিয়ে আমিয়ে  একেটি আছিলোঁ,
 কোনে ভাঙি গলে যোৰ॥ ১৯৩।

অৰ্জ্জুনৰ গছতে  ভাটৌটি পৰিলে,
 কোনে ভাঙি গল পাখি।
তোমাৰে আমাৰে  কোনে যোৰ ভাঙিলে,
 ঈশ্বৰক কৰিছোঁ সাক্ষী। ১৯৪।

আয়ো আছিল মোৰ,  বোপায়ো আছিল মোৰ,
 আটাইৰে আতাৰি হলোঁ।
মনে-খনা পুখুৰীত  কোনে বিহ ঢালিলে,
 পানী খাব নোপোৱা হলোঁ॥ ১৯৫।