পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
জনকাব্য
 

পুৱাও নেদেখি তোমাক, ঐ লাহৰী,
 নেদেখি গধূলি পৰে।
দিনতো আবেলি  নেদেখি, লাহৰী,
 বুকু ধৰফৰ কৰে॥ ১৮৬।

তোমাৰ কথা ভাবোঁতে,  চকুপানী টোকোঁতে,
 হাতত সিৰামূৰি ধৰে।
বুকু খুন্দা মাৰে  কান্দিব নোৱাৰোঁ,
 দেহে ঠনৰ্ ঠনৰ্ কৰে॥ ১৮৭।

ৰাতি পৰে পৰে  তোলৈ মনত পৰে
 চকুৰ পানী দুধাৰি বয়।
তললৈ মূৰ থৈ  ধৰোঁ গুণিবলৈ
 আগতে চাকগছি লই॥ ১৮৮।

লুইত পাৰ হলোঁ,  দিখৌ পাৰ হলোঁ,
 জিৰাই গলোঁ কলীয়াবৰত।
তোমাক বিচাৰি  এৰোঁ ঘৰ-বাৰী
 নাথাকোঁ ডিবুৰুগড়ত॥ ১৮৯।

নগাঁৱৰ বাতৰি  গড়গাঁৱত শুনিলোঁ,
 কাষতে চপাই, যাওঁ নাও৷
তোমাৰ সন্তাপত  নাথাকোঁ অসমত,
 ভাটিলৈ ভটিয়াই যাওঁ॥ ১৯০।