পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
আকুল পথিক

দশম অধ্যায়।

ভাটিলৈ ভটিয়াই  যামগৈ, মইনা,
 ধৰিমগৈ সন্ন্যাসীৰ ভেশ।
তোমাৰ লগতে  এৰিম আই-বোপাই,
 এৰি যাম অসমৰ দেশ॥ ১৮১।

বাৰীৰ মাজে মাজে  গোলাপ ফুল ফুলিলে,
 তিতা ফুল ফুলিলে ঢাপত।
তোমাৰে আমাৰে  যোৰা নাপাতিলে,
 কোনোবা জনমৰ পাপত॥ ১৮২।

এৰিলা একুৰি,  এৰিলা চুবুৰি,
 এৰিলা নদীৰ কূল৷
একে চঁহায়, লাহৰী,  পিৰিতি এৰিলা,
 মোহাৰি পেলালা ফুল॥ ১৮৩।

চোতালৰ আগৰ  বেল, মোৰ বান্ধৈ ঐ,
 চোতালৰ আগৰ বেল।
তোমাৰ বেজাৰত  ফুৰোঁ অনাই-বনাই,
 মূৰত মোৰ দিয়া নাই তেল॥ ১৮৪।

কিয় এনে হলি,  মইনা লাহৰী,
 কিয় হলি জনমৰ কাল।
হাবি বননিয়ে  ফুৰি ভাল লাগে,
 ঘৰত মোৰ নালাগে ভাল৷॥ ১৮৫।