পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
আকুল পথিক

নৱম অধ্য়ায়

বয়সৰ লগতে  মই বাঢ়ি গলোঁ
 তুমি দিলা যৌৱনত ভৰি৷
সৰুৰ এপৰা  পিৰিতি কৰিলোঁ,
 এতিয়া নাযাবা এৰি॥ ১৬১।

পিৰিতিৰ দৰে,  হেৰা প্ৰাণেশ্বৰী,
 কিবা সুখ আছেনে আৰু৷
যদি মিছা কৈছোঁ  হেৰা প্ৰাণেশ্বৰী,
 নিজে গুণি চোৱাঁ বাৰু। ১৬২।

কাঁহৰ বাটিতে  সৰিয়হ পিচলে,
 নিয়ৰত পিচলে ভৰি৷
কথাৰ লাচতে  কথাটি পিচলে,
 কথাত ৰবাঁ খোপনি ধৰি॥ ১৬৩।

মাৰে নিদিয়ে,  বাপেৰে নিদিয়ে,
 তোমাৰ আহিবৰ-এ মন।
তোমাক আনিবলৈ  মোৰ মন আছিলে,
 হাতত নাইকিয়া ধন॥ ১৬৪।

পৰলৈ নিদিবা  মন, ঐ লাহৰী,
 পৰলৈ নিদিবা মন।
হাড়ক পানী কৰি,  তেজক পানী কৰি,
 তোমালৈ ঘটিছোঁ ধন॥ ১৬৫।