পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
জনকাব্য়
 


হাত মেলি হালধি  নঘঁহিবি, মালতী,
 ভৰিত নঘঁহিবি তেল৷
চুবুৰীয়াৰ ঘৰলৈ  নাযাবি, মালতী,
 আটাই বেয়া কথাৰ মেল॥ ১৫৬।

আগটি নাচালোঁ,  গুৰিটি কাটিলোঁ
 অচিন পৰবতৰ বাঁহ।
মিৰি-মিচিমিৰো  দোৱান বুজি পালোঁ
 নাপালোঁ চেনাইৰে আঁহ॥ ১৫৭।

জকাই ঘূৰি ঘূৰি  বাবাঁ, ঐ বান্ধবী,
 পল ঘূৰি ঘূৰি বাবাঁ।
কোনোবা শতৰু  কিবাটো কৰিব,
 তাকে ঘূৰি ঘূৰি চাবাঁ॥ ১৫৮।

দীঘলী বিলতে   দি যাওঁ বালি-ভেটা
 লাগে চেনী-কুহী মাছ।
তোমাক কেনেবাকৈ  নাপাব লাগিলে
 লম জৰী গছত ফাঁচ॥ ১৫৯।

চাউল ছাটি মাৰি  পাৰ-জাক ধৰিলোঁ,
 ফান্দত ধৰিলোঁ হাতী৷
কি দি ধৰিলে   শহুৰৰ জীয়েকে,
 টোপনি নাহিলে ৰাতি॥ ১৬০।