পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
জনকাব্য়
 

উজাই নাৱৰীয়াই  বালিত ভাত খালে,
  কুজা হৈ বোটলে ছুৱা।
তোমাৰে বাপেৰক   কৈ থৈ আহিছোঁ,
  পৰৰ নাভাঙিবা গুৱা॥ ১৬৬।

হাতত গোট-খাৰু   কোনে দিলে, লাহৰী,
  বহিলে জুনুকাই বাজে৷
তোমাৰ বাপেৰে  আমাক মাৰিবলৈ
  বাটত ধনু কাঁড় পাতে॥ ১৬৭।

হাবিৰ হেৰপতা,   দি যাওঁ বালি-ভেটা,
  জোনপৈ শামুকৰ চূণ৷
খুৱাই পাহৰিলা  ঠুৰি তামোলখনি,
  প্ৰেমৰ পাহৰিলা গুণ। ১৬৮।

ৰেলৰ আলিৰ   দুবৰি বন, ঐ বনৰী,
  ৰেলৰ আলিৰ দুবৰি বন।
হাড়ক মাটি কৰি,   তেজক পানী কৰি
  মিছাতে ঘটিলোঁ ধন॥ ১৬৯।

নৈৰ ৰঙা গড়া  দলনি-দপনি,
  হৰিণা চিঞৰে বনত।
তোমাৰ সন্তাপত  থাকিব নোৱাৰি
  মৰিমগৈ সদিয়াৰ ৰণত॥ ১৭০৷