পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
জনকাব্য

নৈ-কাষৰীয়া  পকা জলকিয়া,
 তললৈ মেলিলে শিয়া।
বামুণক চোৱালোঁ,  গণকক চোৱালোঁ
 হব বহাগত বিয়া॥ ১৪৬।

বৰ ঘৰ সোমায়ে  চিঠিখন লিখিলোঁ
 দি গলোঁ পিয়নৰ হাতত।
চিঠিৰে ভিতৰত  যি কথা লিখিলোঁ
 নপৰে আনৰে কাণত॥ ১৪৭।

পথাৰে পথাৰে  কলৈ যোৱা, গাভৰু,
 লগত ভনীয়েৰাক লৈ।
তোমাক এটি কথা  কবলৈ নাপালোঁ
 মুখতে মুখখনি থৈ॥ ১৪৮।

মোৱা মাছ মাৰোঁতে  পিঠিৰ ছাল ছিগিলে,
 বিচাৰি নাপালোঁ বেজ।
হাতৰে আঙুলিত  কামুৰি গলি তই,
 ৰখাব নোৱাৰোঁ তেজ॥ ১৪৯।

শালিকী চৰায়ে  দদাইদেৱ বুলিলে,
 মই বোলোঁ ভাতিজা-জী।
তাই, নিদাৰুণী  মৰম লগাই গৈছে,
 বুকুৰ সুমথিৰা দি॥ ১৫০।