পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
আকুল পথিক


অষ্টম অধ্যায়

গা ধুই বামুণে কৰে গোসাঁই-সেৱা,
 কোনে সেৱা কৰে নাও।
পধূলি ওলায়ে  মনত চিন্তা কৰোঁ
 আজি কোন পোনে যাওঁ॥ ১৪১।

চিতায়ো মাৰিছে খাই, সমনীয়া,
 চৰ্চায়ো মাৰিছে খাই।
যৌৱনৰ কালতে  ফুৰোঁ অনাই-বনাই
 ছোৱালী খোজোঁতা নাই॥ ১৪২।

আয়ে নোখোজে  জীয়ৰী ছোৱালী,
 বোপায়ে নোখোজে গপত৷
মই, সমনীয়া,  যিজনীক ছান্দিছোঁ
 আনি যাম চকুৰে টিপত॥ ১৪৩।

কুঁহিয়াৰ কাটি যাওঁ  পাবত, লগৰীয়া,
 কুঁহিয়াৰ কাটি যাওঁ পাবত।
এজনী আনি যাওঁ  ধনে' বিয়া কৰাই,
 এজনী আনি যাওঁ লাভত॥ ১৪৪।

ছৰ্কাৰী চাকৰি নালাগে লাহৰী,
 নালাগে তলপৰ ধন।
ছোৱালী আনিলে  হব মটা লৰা,
 পথালি-কোলাতে লম॥ ১৪৫।