পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
আকুল পথিক

এই জেঠ মহীয়া  কুলিয়ে মাতিলে,
 শুনিলোঁ অমাতৰ মাত।
পৰকে দেখুৱাই  দদাইদেউ বুলিবাঁ,
 ভিতৰি বুলিবা নাথ॥ ১৫১।

বাৰীৰ আম গছ  তিনি ফেৰেঙীয়া,
 তাতে বহি মাতিলে কুলি।
গধূলি বেলিকা  আহিবাঁ, লাহৰী,
 চালনি আনোগৈ বুলি॥ ১৫২।

আঠিয়া কলৰে  পাত নাকাটিবা,
 চিটিকি পৰিব এঠা।
লোককে দেখুৱাই  কেটৰা মাৰিবাঁ,
 ভিতৰি নেৰিবা বেথা॥ ১৫৩।

বছৰি বছৰি  আম মলিয়ালে,
 খুচৰি খুচৰি খাওঁ।
আমি পাৰিবলৈ  আমাক নামাতিলাঁ,
 কোনোবা কেনিবা যাওঁ॥ ১৫৪।

চৰাইলৈ বুলি  চিটিকা পাতিলোঁ
 চিটিকাৰ ভাগিলে খুটি।
পাম খাম বুলি  পিৰিতি মাগিছোঁ
 পিৰিতিৰ পোৱা নাই জুতি॥ ১৫৫।