পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
জনকাব্য

আলি-বাট ঘেলাতী  চাকী ফুল পিন্ধতী,
 কথালৈ নকৰ কাণ।
মা ৰেই আছিলে  ৰূপত ৰং-চৰাতী,
 তই নো কি হবি আন॥ ১৩৬।

জাকৈয়া ওলালে,  খালৈয়া ওলালে,
 মাৰোঁ কোন বিলৰ মাছ।
সৰুজনী জাকৈয়াক  শিঙিয়ে খুটিলে,
 পৰিল ডেকা-লৰাৰ পাছ॥ ১৩৭।

আহু ধান দাবলৈ  মাতি পঠিয়ালোঁ
 লোকৰ বাও ধাননি দালে।
কাচি দলি মাৰি,  সোমাল হাবিয়নি,
 শৰীলত বৰলে খালে॥ ১৩৮৷

আহু ধান দাবলৈ  মাতি পঠিয়ালোঁ,
 শালি ধান গেৰুলী হল।
হাটলৈ চাওঁতে,  বাটলৈ চাওঁতে,
 তোমাৰ বহ-বতৰ গ'ল॥ ১৩৯।

চ’তত চকৰী,  বহাগত বগৰি,
 জেঠতে আমনা ধান,
বৰলা ভকতত  কন্যা-দান কৰিবাঁ,
 পাবা বৈকুণ্ঠত থান॥ ১৪০।