এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
আকুল পথিক
বৰঘৰৰ মূধতে চেনাইৰ তাঁতশাল,
দি যাওঁ হাতী দাঁতৰ মাকো৷
দুয়ো লগ হবলৈ লাগে কত বেলি,
পাৰি দিয়া প্ৰেমৰে সাঁকো॥১১১।
হাতীৰ হিমেজু খুৱালা লাহৰী,
ঠুৰিয়া তামোলত ঘঁহি।
যেতিয়া তোমালৈ মনত পৰি যাব,
কান্দো ঢাৰি-পাটিত বহি॥ ১১২।
সিপাৰৰ বাওধান পানীয়ে মাৰিলে,
চৰাইৰ নগজিলে পাখি।
উৰনীয়া চৰায়ে ফুৰে যোৰ পাতি,
তাৰো মন নহলোঁ আমি॥ ১১৩।
লীলাই পথাৰতে চিলাই ধান দাইছিল
ঘিলা-চকলীয়া মুঠি।
আটাইকে দেখোঁ মই চেনাইটীক নেদেখোঁ,
চাওঁ চতিয়নাত উঠি॥১১৪।
হাঁহ হৈ চৰিমগৈ তোমাৰ পুখুৰীত,
পাৰ হৈ পৰিমগৈ চালত।
ঘাম হৈ সোমামগৈ তোমাৰ শৰীৰত,
মাখি হৈ চুমা দিম গালত। ১১৫।